গোৱালপাৰা, সংবাদ ৩৬৫, ২৯ আগষ্ট: ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ন ন আচনিকো চেৰ পেলাই গোৱালপাৰা জিলাৰ লক্ষীপুৰ গাঁৱৰ স্বহৰ আলিৰ পত্নী ইয়াচমিনাই মঙ্গলবাৰে নিশা যাত্ৰীবাহী বাছতে সন্তান জন্ম দিয়ে। মঙ্গলবাৰে স্বহৰ আলিয়ে গৰ্ভৱতী পত্নী ইয়াচমিনাক লৈ গুৱাহাটীৰ পৰা দক্ষিণ কামৰূপৰ ৰঙাপানীৰ শহুৰৰ ওলাই আহে। সন্ধিয়া গৰৈমাৰী পোৱাৰ পূৰ্বে ইয়াচমিনাৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাত দৰিদ্ৰ স্বহৰ আলিয়ে গৰ্ভৱতী ইয়াচমিনাক গৰৈমাৰী সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায়। স্বাস্থ্যকেন্দ্ৰ খনৰ নাৰ্চ এগৰাকীয়ে প্ৰসৱ বেদনাত ছটফটাই থকা গৰ্ভৱতী ইয়াচমিনাৰ স্বামীৰ পৰা চিকিৎসাৰ নামত দুহেজাৰ টকা বিচাৰে। দৰিদ্ৰ স্বহৰ আলিয়ে ধন আদায় দিব নোৱাৰাত স্বাস্থ্যকেন্দ্ৰটোৰ চিকিৎসক আৰু নাৰ্চজনীয়ে প্ৰসূতি গৰাকীক চিকিৎসালয়ৰ বিচনাৰ পৰা নমাই দিয়ে। উপায়ন্তৰ স্বহৰ আলিয়ে গৰ্ভৱতী ইয়াচমিনাক বাহিৰলৈ আনি ১০৮ সেৱাক ফোন কৰিও কোনো সুফল নোপোৱাত নিশা স্বাস্থ্যকেন্দ্ৰৰ সন্মুখৰ পৰা যাত্ৰীবাহী বাছেৰে ইয়াচমিনাক লৈ সোণতলীলৈ গৈ থকা অৱস্থাত বকোৰ নতুন কাঠমী নামৰ ঠাইখিনিত বাছৰ ভিতৰতে ইয়াচমিনাৰ পেটৰ পৰা অৰ্ধ সন্তান এটা ওলাই আহে। পিছত ওচৰৰ পৰিয়াল এটাৰ ঘৰলৈ লৈ যোৱাত এটি কন্যা সন্তান জন্ম দিয়ে। নৱজাতকসহ প্ৰসুতি গৰাকী অসুস্থ হৈ পৰাত চিকিৎসাৰ বাবে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়। ৰাজ্যৰ স্বাস্থ্য বিভাগত অত্যাধুনিক সা-সেৱাৰ নামত ৰাজকোষৰ পৰা চৰকাৰে কোটি কোটি টকা ব্যয় কৰি অহাৰ পিছতো এগৰাকী প্ৰসূতিয়ে যাত্ৰীবাহি বাছত সন্তান জন্ম দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে
![](https://sangbad365.com/wp-content/uploads/2018/08/IMG-20180829-WA0001-1.jpg)