চিৰাং

১২ ফেব্ৰুৱাৰী

বড়ো ভূমিত পুনৰ উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ।
চিৰাং জিলাৰ পানবাৰীত উদ্ধাৰ হৈছে অবৈধ অস্ত্ৰ-শস্ত্ৰ। দুটা একে ৫৬, এটা এম ২০ পিষ্টল আৰু ৫২ জাই সজিৱ গুলী উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰখিনি এনডিএফবি (ছা)ৰ বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে এক সংবাদ মেল অনুষ্ঠিত কৰি কয় যে এক গোপন তথ্যৰ ভিত্তিত চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আমলাইগুৰীৰ পৰা মাটিত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে।জিলা সদৰ অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত চলা অভিযানত বিজনী মহকুমা আৰক্ষী বিষয়া শ্বেখৰজ্যোতি ৰায়, পানবাৰী চক্ৰ আৰক্ষী বিষয়া ৰফিকুল হাছান চৌধুৰী, পানবাৰী থানাৰ আৰক্ষী বিষয়া উত্তম কুমাৰ দলে আৰু ১৫৬ বেটেলিয়ন চিআৰপিএফৰ যৌথ অভিযান নিশা এক অভিযান চিলিছল। আৰক্ষীৰ অভিযানত পুৱা ৪.৩০ বজাত এই সমুহ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হয়। উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ মাজত ২ টা একে ৫৬ আৰু দুটা মেগজিন, এটা এম ২০ পিষ্টল আৰু এটা মেগজিন, একেৰ সজিৱ গুলী ৫৫ জাই আৰু নাইন এম এমৰ সজিৱ গুলী ২ জাই উদ্ধাৰ হয়।

আৰক্ষী অধিক্ষক জনে আৰু কয় যে উক্ত অঞ্চলত যিহেতু এনডিএফবি (ছা)ৰ নেতা জি বিদাইৰ সঘনাই অহা যোৱা আছিল সেয়ে এই অস্ত্ৰ-শস্ত্ৰ সমুহ এনডিএফবিৰ বুলি সন্দেহ কৰা হৈছে। এই সম্পৰ্কে বৰ্তমানলৈকে কাকো গ্ৰেপ্তাৰ কৰা নাই যদিও আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধিক্ষকজনে।