কলগাছিয়া, ২৪ ডিচেম্বৰ: সৰভোগত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত নিয়ন্ত্ৰণ হেৰুৱাই দ খালত পৰিল মাল ভৰ্তি ট্ৰাক। এই দুৰ্ঘটনাত ট্ৰাকখনৰ ড্ৰাইভাৰ, হেণ্ডিমেন গুৰুতৰভাৱে আহত হয়। আহত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। অৱশ্যে এই দুৰ্ঘটনাৰ পৰা আন কেইবাজন পথ যাত্ৰীৰ কথমপি জীৱন ৰক্ষা পৰে।