গোপাল প্ৰসাদ

কোকৰাঝাৰ

১৭ ছেপ্টেম্বৰ

অখিল হিন্দী ভাষী যুৱ ছাত্ৰ পৰিষদৰ হিন্দী দিৱস উদযাপন। হিন্দী দিৱসৰ লগত সংগতি ৰাখি সমাৰ্ধনা ও বঁটা বিতৰণি সভা।

অখিল হিন্দী ভাষী যুৱ ছাত্ৰ পৰিষদ উদালগুৰি জিলা সমিতি আৰু ৰৌতা আঞ্চলিক সমিতিৰ উদ্যগত উদযাপন কৰা হয় হিন্দী দিৱস। হিন্দী দিৱসৰ সংগতি ৰাখি বিশেষ সমাৰ্ধনা ও বঁটা বিতৰণি কাৰ্যসূচীও ৰূপায়ন কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে ৰৌতা আঞ্চলিক সমিতিৰ উপদেষ্টা ববন সিং, উদেশ্য বাখ্যা কৰে আঞ্চলিক সমিতিৰ সম্পাদক প্ৰকাশ বাস্ফোৰ, সভাৰ উদ্ধোধনী ভাষণ ৰাখে অখিল হিন্দী ভাষী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰাম নিবাছ কুমাৰ, মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰৌতা দণ্ড ছহৰীয়া হায়াৰ চেকেণ্ডাৰী বিদ্যালয়ৰ উপাধ্যক্ষ লক্ষ্মী চেণ্ডাই, আমন্ত্ৰিত অথিতি হিচাবে উপস্থিত থাকে মাজবাট সমষ্টিৰ প্ৰাক্তন এমচিয়েলে শ্যাম চুণ্ডী, ওদালগুৰি জিলাৰ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদ চৌহান, সম্পাদক প্ৰেম ৰাজভৰ, উদালগুৰি আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক, আৰু সভাত বিভিন্ন দল সংগঠৰ সদস্য উপস্থিত থাকে।

উক্ত সভাত হিন্দী দিৱসৰ লগত সংগতি ৰাখি ২০২০ বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ন হোৱা এশ গৰাকী ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে সমৰ্দ্ধনা জনোৱৱৰ লগতে বঁটা প্ৰদান কৰা হয়।