আনিছুৰ আলী

গৌৰিপুৰ

১৭ ছেপ্টেম্বৰ

নিৰ্বাচনত জয়লাভ কৰাৰ পিছৰে পৰা দেখা-দেখি নাই বিধয়াকৰ। সমষ্টিবাসীৰ আশাত চেঁচা পানী ঢালি বিধায়ক নিৰুদ্ধেশ। অৱশেষত বিধায়কক বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিলে সমষ্টিবাসী ৰাইজ।

নিৰ্বাচনৰ পূৰ্বে ভোটাৰ ৰাইজক সপোন দেখুৱাই জয়লাভ কৰি দিছপুৰলৈ গৈয়ে সমষ্টিবাসীক পাহৰিলে এগৰাকী বিধায়কে। ৰাইজে দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ আশাত জয়যুক্ত কৰি আনিছিল বিধয়াক গৰাকীক। বিধায়কক জয়যুক্ত কৰাৰ পাঁচ বছৰ সম্পূৰ্নৰ হোৱাৰ পথত কিন্তু ৰাইজৰ সমস্যাৰ কোনো সাধন নহ’ল।

নামনি অসমৰ ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মাজেৰচৰ এন চি গাঁৱৰ ৰাইজে যোৱা বিধানসভা নিৰ্বাচনত তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ আশাত বিধয়াক হিচাপে নিৰ্বাচিত কৰি আনিছিল এ আই ইউ ডি এফৰ নজৰুল হকক। মাজেৰচৰ এন চি গাঁৱৰ টিপকাই নদীৰ নৈপৰিয়া ৰাইজ দীৰ্ঘদিনৰ ধৰি টিপকাই নদীৰ ভয়াবহ গৰাখহনীয়াৰ লগত যুঁজ অব্যাহত ৰাখি নজৰুল হক বিধয়াক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁলোকৰ এই দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ’ব বুলি আশা পালি ৰাখিছিল যদিও বিধয়াক নজৰুল হকে তেওঁলোৰ আশাত চেঁচা পানী ঢালিলে।

চলিত বছৰৰ ভয়াবহ বানপানীৰ পিছত টিপকাই নদীৰ গৰাখহনীয়াই বিগত দুমাহ ধৰি মাজেৰচৰ এন চি গাঁৱত অধিক ভয়াবহ ৰূপ ধাৰণ কৰাত আতংকিত হৈ পৰিছে মাজেৰচৰ এন চি গাঁৱৰ নৈপৰিয়া ৰাইজ। ইতিমধ্যে টিপকাই নদীৰ গৰাখহনীয়াৰ তাণ্ডৱত নৈৰ বুকুত ভেটি-মাটি, ঘৰ জাহ যোৱাত বহু দৰিদ্ৰ লোকে নিৰাপদ স্থান বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে। নদীৰ বুকুত ঘৰ-দুৱাৰ হেৰুৱাই মুকলি আকাশৰ তলত জীৱৰ নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে বহু পৰিয়ালে।

ইয়াৰ পিছতো কিন্তু বৰ্তমানলৈকে এই সকল লোকৰ খবৰ লোৱাৰ সময় নাই বিধয়াক তথা প্ৰশাসনৰ। অৱশেষত গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীৰ লগতে বিধয়াক গৰাকীৰ বিচাৰি ৰাইজ প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ল। টিপকাই নদীৰ পাৰত ৰাইজ সমবেত হৈ বিধয়াক গৰাকীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে বিধায়ক নজৰুল হকক উক্ত ঠাই পৰিদৰ্শন কৰি গৰাখহনীয়া প্ৰতৰোধৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।