আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমানৰ হাজৰিকা

শিৱসাগৰ

১৭ ছেপ্টেম্বৰ

মৃত্যু যন্ত্ৰনাত চটফটাই থকা এখন কপিকলযুক্ত দলঙৰ কৰুণ কাহিনী। ৮৫ বছৰীয়া পুৰণি কপিকলযুক্ত শিৱসাগৰৰ দিখৌ দলং চৰকাৰী উদাহীনতাৰ কৰুণ ছবি৷ যিকোনো মুহুত্বতেই ভৰা দিখৌৰ বুকুত খহি পৰিব পাৰে দিখৌ দলং৷

দেশ স্বাধীনতা হোৱাৰ ১২ বছৰ পূৰ্বে উজনি নামনিক শিৱসাগৰত সংযোগ কৰাৰ বাবেই দিখৌ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল এখন বিশেষ কপিকলযুক্ত দলং৷ লণ্ডনৰ টেমছ নদীৰ ওপৰত নিৰ্মাণ কৰা বিখ্যাত কপিকলৰ আৰ্হিতেই দিখৌ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল এই দলংখন ৷ ১৯৩৫ চনত বিট্ৰিছ অভিযন্ত্ৰা জে এম কৰ্কচেজে অসমীয়া অভিযন্ত্ৰা হৰিপ্ৰসাদ বৰুৱাৰ সহযোগত নিৰ্মাণ কৰা ইতিহাস প্ৰসিদ্ধ দলংখনৰ বয়স এতিয়া ৮৫ বছৰ। আহোম ৰাজত্ব কালৰ পুৰণি ৰাজধানী ৰংপুৰ নগৰক যোগাযোগৰ নতুন মাত্ৰা প্ৰদাণ কৰা দলংখন এতিয়া মৃত্যু যন্ত্ৰনাত৷ ব্ৰিটিছ ঔপনিৱেশিক শাসন কালত ব্রেইখ ৱেইট নামৰ এটা ব্রিটিছ কোম্পানীয়ে স্বাধীনতাৰ এটা দশক পূৰ্বে নিৰ্মাণ কৰা এই দলংখন এতিয়াও সগৌৰৱেৰে আছে দিখৌ নদীৰ ওপৰত।

দলংখনৰ নিৰ্মাণ কৌশল সেই সময়ত আছিল আশ্বর্যকৰ। তিনিটা অংশত সজা দলংখনৰ দুই মূৰ সংযোগী আৰু মাজৰ অংশটো ওপৰলৈ উঠা-নমা কৰিব পৰাকৈ কপিকল সংযোগৰ ব্যৱস্থা আছিল। ইয়াৰ বাবে দুই মূৰত থকা খুটাত প্রয়োজনীয় পুলি, কেবল, কাউন্টাৰ, ৱেইট বাকচ বহুৱাই এক চমৎকাৰী কাৰিকৰী দক্ষতাৰ পৰিচয় দিছিল বৃটিছ অভিযন্ত্ৰা জে এম কৰ্কচেজ আৰু অসমীয়া অভিযন্ত্ৰা হৰিপ্ৰসাদ বৰুৱাই। উল্লেখ্য যে, নাজিৰাৰ অসম চাহ কোম্পানীলৈ চাহ নিবলৈ অহা জাহাজ সমুহ যাতে দলংৰ তলেদি সুন্দৰকৈ অহা-যোৱা কৰিব পাৰে তাৰ বাবে দলংৰ এটা অংশ ওপৰলৈ দাঙি ধৰিব পৰা এনে চমৎকাৰী কাৰিকৰী কৌশলযুক্ত দলং ভাৰতত দ্বিতীয়খন নাই। এনে অদ্বিতীয়, উচ্চ মানৰ কার্যক্ষমতা থকা এই দলংখন সেই সময়ত মাত্ৰ দুজন চালকেই চকা ঘূৰাই উঠা নমা কৰাৰ লগতে নিয়ন্ত্ৰণও কৰিছিল।

সম্পূৰ্ণ লোৰে নিৰ্মাণ কৰা দলংখন সম্প্রতি চৰকাৰী অৱহেলা আৰু উপেক্ষাৰ পৰিপেক্ষিতত জহি খহি যাবলৈ ধৰিছে। ৮৫ বছৰ গৰকা কপিলযুক্ত এই দলংখনে আজিও সামৰি ৰাখিছে অতীতৰ বহু যুগমীয়া স্মৃতি। পৰৱৰ্তী সময়ত দিখৌ নদীৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰা আৰ চি চি দলঙৰে পাৰ হৈ যাওঁতে আজি প্ৰায় প্ৰতিজন যাত্ৰীয়ে এপাক চায় যায় ভাৰতবৰ্ষৰ ভিতৰত থকা একমাত্ৰ কপিলযুক্ত দলংখনৰ নান্দনিক সৌন্দৰ্য্য। ১৯৭০ চনতেই দলংখনৰ আয়ুস উকলি যোৱা বুলি ব্ৰিটিছ চৰকাৰৰ ফালৰ পৰা দুই দশকৰ পুৰ্বেই শিৱসাগৰ প্ৰশাসনৰ ওচৰলৈ এখন পত্ৰও প্ৰেৰণ কৰিছিল কিন্ত কোনো এটা পক্ষ্যই মৃত্যুৰ মুখলৈ গতি কৰা দলংখন সংৰক্ষণৰ বাবে ব্যৱস্থা নকৰিলে৷ দলংখন সম্পুৰ্ণৰূপে জহি খহি ধংসস্তুপত পৰিণত হোৱাত মানুহ বাদেই উদঙীয়া গৰু ছাগলীয়েও এতিয়া দলংখন পাৰ হ’বলৈ ভয় কৰে৷ কাহানিবাই কপিকলৰ কেবোল চিগি নদীত পৰিল, দলংখন বহন কৰি থকা পানীৰ মাজৰ অংশৰ ৪ টাকৈ খুটাৰ আশী শতাংশই পচি এক বিপদ জনক পৰিস্থিতিত মৃত্যুৰ যন্ত্ৰনাত চটফটাই থকা দলংখন সংৰক্ষণৰ বাবে বিজেপি, কংগ্ৰেছ কোনো এখন চৰকাৰেই আগবাঢ়ি নাহিল৷

শেহতীয়াকৈ ৰাজ্যিক পুৰাতত্ব বিভাগে ইতিহাস প্ৰসিদ্ধ দলংখনক পৌৰাণিক সম্পদ হিচাবে ঘোষণা কৰি পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাবে গঢ়ি তোলাৰ আশ্বাস প্ৰদান কৰিছিল যদিও সেইয়া ফুটুকাৰ ফেনত পৰিণত হ’ল৷ তেনেস্থলত বিট্ৰিছ আমোলত অসমৰ পথ যোগাযোগৰ নৱতম আৱিস্কাৰ দিখৌ দলং সংৰক্ষণৰ বাবে সময়োচিত পদক্ষেপ গ্ৰহণ নকৰে তেন্তে অচিৰেই ৰংপুৰৰ মানচিত্ৰৰ পৰা হেৰাই যাব ইংলেণ্ডৰ টেমছৰ আৰ্হিত নিৰ্মাণ কৰা কপিকলযুক্ত দলংখন৷ হয়তু চৰকাৰী হেমাহীৰ বাবেই এদিন মিউজিয়ামত অথবা গুগলত নতুন প্ৰজন্মই বিছাৰিব লাগিব দলংখন অপুৰ্ব কাৰুকাৰ্য, নান্দনিক সৌন্দৰ্য্যৰ সংৰক্ষিত ছবি।