গুৱাহাটী

২২ নৱেম্বৰ

অগপতে জন্মিছো আৰু অগপতে মৃত্যুবৰন কৰিম বুলি মন্তব্য বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। বিজেপিৰ লগত মিত্ৰতা থাকক বা নাথাকক পশ্চিম গুৱাহাটীত হাতী আৰু অগপৰ পতাকা থাকিবই।

শেহতীয়াভাৱে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অগপ এৰি বিজেপিত যোগদান কৰিব বুলি যি চৰ্চা চলি আছে এয়া আছলতে অন্য দলৰ এক কু-সন্ধী হে। অগপৰ ভাৱমুৰ্তি জনমানসত বিনস্ত কৰিবলৈ এয়া এক অপপ্ৰচাৰ বুলি মন্তব্য পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক সাংসদ দিলীপ শইকীয়াই অগপৰ বৰ্তমানৰ বিধায়ক থকা পশ্চিম গুৱাহাটীৰ লগতে অন্যান্য সমষ্টি সমূহ বিজেপিয়ে এইবাৰ বিচাৰিব বুলি যি মন্তব্য কৰিছিল এই মন্ত্যব্যৰ নাকচ কৰে অগপ নেতৃত্বই। দেওবাৰ পশ্চিম গুৱাহাটী সমষ্টিত অগপই পশ্চিম গুৱাহাটী যুৱ বিধান পৰিষদৰ অধিবেশন অনুষ্ঠিত কৰি আগন্তক ২০২১ বর্ষৰ নিৰ্বাচনৰ ৰণডংকা বজায়। অধিবেশনত উপস্থিত থাকে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰামেন্দ্ৰ নাৰায়ণ কলিতা, ৰাজ্য সভাৰ সংসদ বীৰেন্দ্ৰ প্ৰসাদ বশ্য, কেন্দ্ৰীয় সম্পাদক কমলা কলিতা। সভাত অংশগ্ৰহণ কৰি অগপৰ কেন্দ্ৰীয় সম্পাদক কমলা কলিতাই কয় যে বৰ্তমান সময়ত অগপৰ হাতত থকা কোনো এটা সমষ্টিয়ে বিজেপিক এৰি দিয়া নহ’ব কাৰণ অগপ এতিয়া পূৰ্বতকৈ অধিক শক্তিশালী হৈছে যাৰবাবে আগন্তক নিৰ্বাচনত বৰ্তমানতকৈও অধিক আসন অগপই বিচাৰিব।

আনহাতে ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈ বিজেপিৰ একাংশ নেতাই অগপৰ বিৰুদ্ধে নানান অপপ্ৰচাৰ চলাই আছে। আসন এৰি দিয়া নিদিয়াকলৈ বিজেপি আৰু অগপৰ মাজত এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিক আলোচনা হোৱা নাই।যাৰবাবে ৰাস্তাই ঘাটে মন্তব্য কৰা কথাৰ কোনো গুৰুত্ব নাই বুলি জানিবলৈ দিয়ে সংসদ বীৰেন্দ্ৰ প্ৰসাদ বশ্যই।