আজিজ আলী

নলবাৰী

২২ নৱেম্বৰ

বিজেপি এৰি কংগ্ৰেছলৈ দুই শতাধিক বিজেপি কৰ্মী। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বিজেপি কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছ দলত। যোগদান অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভুমিধৰ বৰ্মন।

আগন্তন বিধানসভা নিৰ্বাচনৰ পুর্বে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ পৰা বিজেপি দলৰ বাবে আহিছে বেয়া খবৰ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত মুকালমুৱাৰ সাপকিটাত কংগ্ৰেছ দলৰ এখন বিশাল যোগদান সভা অনুষ্ঠিত হয়। কংগ্ৰেছ দলৰ এই যোগদান অনুষ্ঠানত দেখিবলৈ পোৱা গ’ল বিজেপি কর্মীক। নলবাৰী জিলা কংগ্ৰেছৰ উপ সভাপতি জেহেৰুল হকৰ সভাপতিত্বত অনুষ্ঠিত যোগদনা সভাত ইন্তজ আলীয়ে বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে। ইন্তজ আলীৰ লগতে প্ৰায় দুই শতাধিক বিজেপি কৰ্মীয়ে বিজেপি দলৰ প্ৰতি আস্থা হেৰুৱাই আৰু কংগ্ৰেছ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ কংগ্ৰেছ দলত যোগদান কৰে। যোগদান সভাত উপস্থিত থাকি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভুমিধৰ বৰ্মনে বিজেপি ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰা সকলক কংগ্ৰেছ দললৈ আদৰণি জনায়।

কংগ্ৰেছ দলৰ উক্ত যোগদান সভাত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিন্তত বৰ্মন, বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়ত সভাপতি নাছিৰ প্ৰধানী, নলবাৰী জিলা উকীল সন্থাৰ সভাপতি তাজ উদ্দিন আহমেদো উপস্থিত থাকে।