তামুলপুৰ, সংবাদ ৩৬৫, ৮ জানুৱাৰী: বহু বিতৰ্কিত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বিলখন সোমবাৰে জে পি চিয়ে সংসদত দাখিল কৰে। আৰু তাৰ পিছতে অসম গণ পৰিষদ দলে বিজেপি দলৰ সৈতে মিত্ৰতা ভংগ কৰে। আৰু সেই বিষয় সন্দৰ্ভত অগপ-বিজেপিৰ মিত্ৰতা ভংগ সন্দৰ্ভত মংগলবাৰে নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি প্ৰমোদ বড়োই অতুল বৰাৰ ঘোষনাক আদৰণি জনাইছে ৷ সংবাদ মাধ্যমৰ আগত বড়োই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে জাতিৰ অস্তিত্বৰ উৰ্ধ্বত ৰাজনৈতিক ক্ষমতা নহয়। অগপ দলে লোৱা সিদ্ধান্ত জাতি মাটি ভেঁটিৰ হকে লোৱা উচিত সিদ্ধান্ত । অসমত বসবাস কৰি থকা সকলো জাতি জনগোষ্ঠীয় লোকৰ ক্ষতিকাৰক নাগৰিকত্ব বিলখন গ্ৰহণ কৰা উচিত নহয়। তাৰ বিৰোধিতা কৰো। কাৰণ এই বিলখনে ৰাজ্যখনৰ খিলঞ্জীয়া জনগোষ্ঠীৰ বাবে মাৰাত্মক ৷ এই বিলখনে জাতিটোৰ পৰিকাঠামোকে সলনি কৰি পেলাব ৷ অগপ দলেও বিলখনৰ বিৰোধিতা কৰি আহিছিল।পূৰ্বে এই বিলখন সংসদত দাখল হলে অগপ দলে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিব বুলি ঘোষণা কৰিছিল। আজি অগপ দলে বিজেপিৰ সৈতে থকা মিত্ৰতা ভংগ কৰা কাৰ্যক এবছুৰ সভাপতি প্ৰমোদ বড়োৱে আদৰণি জনাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱলক জাতি মাটি আৰু ভেটিৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰৰ সৈতে কাম কৰিবলৈ আহ্বান জনায়।