তামুলপুৰ, সংবাদ ৩৬৫, ৮ জানুৱাৰী: তামুলপুৰত  সভাপতি প্ৰমোদ বড়োৰ হুংকাৰ।”বড়ো সকলক সুকীয়া ৰাজ্য লাগিবই” মংগলবাৰে কুমাৰীকাটাৰ গৌজন ফৌথাৰত এবছুৰ ৫১ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচীত পতাকা উত্তোলনত বড়োলেণ্ড ধ্বনিৰে ডিভাইড আছাম ফিফটি ফিফটি ধ্বনিৰে মুখৰিত হল গৌজন ফৌথাৰ সমন্বয় ক্ষেত্ৰ ৷ এফালে অসমত ২৯টা জাতীয় দল সংগঠনৰ অসম বন্ধৰ প্ৰভাৱৰ মাজতে এবছুৰ কেন্দ্ৰীয় অধিবেশনৰ এক উছৱ মুখৰ পৰিবেশত এবছুৰ ত্ৰিশ খন জিলাৰ সভাপতি সকলৰ লগতে এবছু কেন্দ্ৰীয় সভাপতি প্ৰমোদ বড়োই মুল এবছুৰ পতাকা উত্তোলন কৰে ৷ পতাকা উত্তোলন কৰি এবছুৰ সভাপতি গৰাকীয়ে স্বেচ্ছাসেৱক সকলৰ কুচ-কাৱাজৰ অভিবাদন গ্ৰহন কৰে ৷ এবছুৰ সভাপতি প্ৰমোদ বড়োৱে কুমাৰকাটাৰ গৗজন ফৗথাৰৰ পৰা নিজৰ ভাষনত পৃথক বড়ো ৰাজ্য গঠনৰ হুকাৰ দিয়ে ৷ অসম আৰু কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে অসম নামৰ নাওঁ খনত সকলো জাতি জনগোষ্ঠীকে সামৰি এক বিপৰ্যয়ৰ ফালে লৈ অসমৰ অস্তিত্ব বিপন্ন কৰিবলৈ ওলাইছে ৷ অসম তথা উত্তৰপূৰ্ঞ্চলক সুৰক্ষা দিয়াতো ব্যৰ্থ হৈছে চৰকাৰ ৷ সেয়ে আমি অসম নামৰ নাওঁখনৰ পৰা আতৰি আহি সুকীয়া ৰাজ্যৰ দাবী সজোৰে উত্থাপন কৰিছো ৷ এই দাবী আৰু আমাৰ সংগ্ৰাম অবিৰত ভাৱে অব্যাহত থাকিব ৱুলি কয় এবছু নেতা গৰাকীয়ে ৷ অসম আৰু উত্তৰ পূৰ্বাঞ্চল সম্প্ৰতি অস্থিৰ হোৱাৰ মুলতে এসময় জাতীয় সংগঠনৰ নেতা তথা জাতীয় নায়ক সৰ্বানন্দ সোনোৱাল দায়ী বুলি কয় । লগতে বড়োৰাজ্য আমাক লাগিবই বুলি হুকাৰ দি জয় বড়োলেণ্ড ধ্বনিৰে গৗজন পথাঠৰ উত্তাল কৰি তোলে ৷