ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ৭ জানুৱাৰী: উত্তৰ পূৰ্বাঞ্চলৰ গোর্খা জনগোষ্ঠীৰ বৃহৎ উৎসৱ উত্তৰ পূৰ্ব গোর্খা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি চলা দেখা গৈছে। তৈলক্ষেত্ৰ ডিগবৈৰ গোলাই ভক্ত বাহাদুৰ প্ৰধান সমন্বয় ক্ষেত্ৰ অহা ৮ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈকে অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱ অসম গোর্খা ছাত্র সন্থাৰ উদ্যোগত আৰু অসম গোর্খা সন্মিলন, অসম নেপালী সাহিত্য সভা, ভাৰতীয় গোর্খা পৰিসংঘ আৰু উত্তৰ পূৰ্ব সমূহ গোর্খা জনগোষ্ঠীৰ সংগঠনৰ সহযোগত ৮২ বিঘা মাটিত ১কোটি ৮০লাখ টকা বাজেটেৰে অনুষ্ঠিত হ’ব এই মহোৎসৱখনি। গোর্খা জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, লোকাচাৰ সাহিত্য উদাষিত হ’বলগীয়া উৎসৱ ৯ জানুৱাৰী দিনৰ ভাগত ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী ৰাজনাথ সিংৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালকে ধৰি কেইবাগৰাকীও ৰাজ্যিক মন্ত্ৰী বিধায়ক উপস্থিত থাকিব। গোর্খা ছাত্রসন্থাৰ সভাপতি প্ৰেম টামাঙে জানিবলৈ দিয়া মতে এই মহোৎসৱতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক “স্বতন্ত্ৰতা সেনালী দলবীৰ সিং লোহাৰ স্মৃতি বটা প্ৰদান কৰাৰ লগতে নগদ ৫০ হাজাৰ টকা প্ৰদান কৰা হ’ব।