জনিয়া, ১৩ আগষ্টঃ বৰপেটাৰ পশ্চিমাঞ্চলেদি বৈ যোৱা বেঁকী নৈৰ জলপৃষ্ঠ উফন্দি উঠাত জনীয়া আৰু বাঘবৰ, দক্ষিণ অভয়াপুৰী আৰু উত্তৰ অভয়াপুৰী সমষ্টিৰ বিভিন্ন অঞ্চলত নতুনকৈ প্লাৱিত হৈছে শতাধিক গাওঁ। নৈ খনৰ বাঢ়নী পানীয়ে জনীয়াৰ সুতিৰাপাথাৰ, কাউৰঝাহী, ডাউকমাৰী, আমগুৰি, খাৰবাল্পী, উদমাৰী, শওপুৰ, মোৱামাৰী, জাউৰিমাৰী, শইলমাৰী, মইনবাড়ী আদি গাওঁ প্লাৱিত কৰাৰ ফলত শতাধিক পৰিয়ালে মথাউৰি, বিদ্যালয়ত আশ্রয় লৈছে। বানাক্রান্তৰ মাজত খাদ্য, বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই পর্যন্ত বৰপেটা জিলা প্ৰশাসনে বানাক্রান্তৰ কোনো ধৰণৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে। শীঘ্ৰে অঞ্চলটোত সাহাৰ্য্যৰ লগতে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ স্থানীয় লোকে প্রশাসনক দাবী জনাইছে। আনহাতে বেঁকী নৈৰ বাঢ়নী পানীয়ে কলগাছিয়াৰ বলাইপথাৰ-ছলোবজাৰৰ পৰা গৰৈমাৰী পাৰঘাটলৈ যোৱা পথটাে খহাই নিয়াৰ ফলত বৃহত্তৰ অঞ্চলটােৰ যাতায়ত বন্ধ হৈ পৰিছে৷ একেদৰে খাৰবাল্পীতো পথ ছিঙাত যাতায়ত ব্যৱস্থা বিঘ্নিত হৈছে। শওপুৰতো আঃ ছালাম, তাৰা মিঞা, আজাহাৰ আলী, ছায়েদ আলী আৰু জহুৰ আলীৰ ঘৰ-বাৰী বেঁকী নৈত জাহ যোৱাত পথৰ ওপৰত আশ্রয় ল’ব লগা হৈছে। নৱনিৰ্মিত খাৰবাল্লীৰো দুটাকৈ পথ চিঙাত গাওঁখনৰ মোহাম্মদ, মুছাব আলী, আব্দুল হালিম আৰু মহেজ আলীকে ধৰি প্ৰায় অর্ধশতাধিক পৰিয়াল জলবন্দী হৈ পৰিছে। ইয়াৰে আব্দুল হালিম আৰু আলমৰ পৰিয়ালে গৰু-ছাগলী সহ খাৰবাল্লী এল পি স্কুলত নিজাববীয়াকৈ আশ্রয় গ্রহণ কৰিছে। আনহাতে উত্তৰ অভয়াপুৰী সমষ্টিৰ ৰঙাপানী গাওঁ পঞ্চায়তৰ অন্তর্গত শিমলাবাৰী দ্বিতীয় খণ্ড, প্ৰথম খণ্ডত ভয়াবহ বানৰ ফলত স্থানীয় বাসিন্দা দুৰ্ভোগ ভূগিছে। গাঁওখনৰ ২৬৬ নং প্রাথমিক বিদ্যালয় আৰু পশ্চিম শিমলাবাৰী এম ই স্কুলৰ সন্মুখত বানপানীয়ে ৰাস্তা ছিঙাৰ উপৰি পানী বিপদ সীমাৰ ওপৰেৰে বৈছে।ৰঙাপানী বজাৰৰ পূব দিশত সংযোগী ৰাস্তাটাে ছিঙি ৰাইজৰ ঘৰে ঘৰে পানী সোমাইছে। যাতায়ত ব্যৱস্থাতো অসুবিধাৰ সৃষ্টি হৈছে। ধাৰাসাৰ বৰষুণৰ ফলতাে জনীয়া সমষ্টিৰ কলগছিয়া, তিতাপানী, ৰামপুৰ, বগুলামাৰী, বৰভিটা, চানমামা, বিলৰটাৰী অঞ্চলটো বানপানীয়ে খেতিপথাৰ নষ্ট কৰিছে। বানাক্রান্তই অতি শীঘ্ৰে সহায় আগবঢ়াবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে।