ছাহিদুল আলম

ডবকা

১৩ নৱেম্বৰ

হোজাইত স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল-মা-আৰিফৰ প্ৰশংসনীয় পদক্ষেপ। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ৮০ গৰাকী দৰিদ্ৰ যুৱতী আৰু অসহায় মহিলাক চিলাই মেচিনসহ নগদ ৫ হাজাৰ টকাকৈ মুঠ ৪ লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান৷ উপাৰ্জনহীন ৩০ গৰাকী দৰিদ্ৰ লোকক ঠেলাগাড়ী বিতৰণ কৰে মৰ্কজুল-মা-আৰিফে৷ লগতে ৬৪ গৰাকী বিধৱা মহিলাক ৫ হাজাৰ টকাকৈ মুঠ ১ লাখ ৬০ হাজাৰ টকা বিতৰণ কৰে স্বেচ্ছাসেৱী সংস্থাটোৱে৷

আজমল চি এছ আৰৰ ন্যাসৰক্ষী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ উপস্থিতিত শনিবাৰে হোজাইত চিলাই মেচিন, ঠেলাগাড়ী আৰু আৰ্থিক অনুদানসমূহ বিতৰণ কৰা হয়৷ বিতৰনী কাৰ্যসূচীত উপস্থিত থাকি সাংসদ মৌলানা বদৰুদ্দিন আজমলে কয় যে লক ডাউনৰ বাবে বহু লোকে কৰ্মসংস্থাপন হেৰুৱাইছে৷ কৰ্মহীন হৈ এই লোকসকলে ভয়ানক আৰ্থিক সংকটত ভুগিছে৷ এইসকলক সহায় কৰিবলৈ আজমল চি এচ আৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে৷ যি সকলে ঠেলাগাড়ী আৰু চিলাই মেচিনেৰে নিজৰ পৰিয়ালক পোহপাল দিবলৈ সক্ষম হ’ব সেইসকলক ধুবুৰীৰ সাংসদ গৰাকীয়ে পুনৰ বিভিন্ন আঁচনিত অন্তৰ্ভুক্ত কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ আজমল চি এচ আৰৰ জৰিয়তে কৰ্মউদ্যোগী সকলক বিনা সুদত ঋণ দিয়াৰ প্ৰতিশ্ৰুতিও দিয়ে সাংসদ মৌলানা বদৰুদ্দিন আজমলে৷

ইফালে এই বিতৰণী অনুষ্ঠানত মৌলানা বদৰুদ্দিন আজমলৰ সহায় লাভ কৰি ধুবুৰীৰ সাংসদ গৰাকীৰ সন্মুখতেই উচুপি উঠে এগৰাকী মহিলাই৷ মৌলানা বদৰুদ্দিন আজমলে মহিলাগৰাকীক চিলাই মেচিন আৰু নগদ ধন প্ৰদান কৰি আগন্তুক দিনতো সহায় সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বিধৱা মহিলাগৰাকীক৷