অলি উল্লাহ খান

লাহৰীঘাট 

৯ আগষ্ট

লাহৰীঘাটৰ নগাবন্ধাত অবৈধ কাঠফালা মিলক কেন্দ্ৰ কৰি ৰাইজ আৰু মিল মালিকৰ মাজত সংঘাত। ৰাইজৰ অভিযোগ নিশা হ’লেই অবৈধ কাঠফলা মিলত ফলা হয় গছ। ৰাইজে মিল বন্ধ কৰাৰ দাবী জনোৱাত মিল মাইলকৰ সৈতে সংঘাত।

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ নগাবন্ধা নিগমত অবৈধভাৱে গঢ়ি উঠা এটা কাঠফালা মিলক কেন্দ্ৰ কৰি দেওবাৰে ৰাতিপুৱা স্থনীয় ৰাইজ আৰু কাঠফলা মিলৰ মালিক হাবিজুৰ ৰহমানৰ মাজত সংঘাতৰ সৃষ্টি হয়। ৰাইজৰ অভিযোগ অনুসৰি বন সংমণ্ডল তথা প্ৰশাসনৰ চকুত ধুলি দি হাবিজুৰ ৰহমান নামৰ লোকজনে দীৰ্ঘ দিন ধৰি অবৈধ ভাৱে কাঠফালা মিলটো চলাই আছে। নিশাৰ ভাগত প্ৰায়ে অবৈধ কাঠফালা মিলত গছ ফলাৰ উচ্চ শব্দত ওচৰ চুবৰীয়া ঘৰৰ ছাত্র-ছাত্রী সকল অধ্যায়নৰ ক্ষেত্ৰৰ অসুবিধাৰ সন্মুখীন হয়। ইয়াৰ লগতে মিলটোৰ কাষতে থকা গড়কপ্তানি পথৰ ওপৰত ডাঙৰ ডাঙৰ গছ কাটি আনি থৈ দিয়াৰ ফলত যাতায়তৰ ক্ষেত্ৰত ৰাইজ বহু অসুবিধা হৈ আহিছে। দেওবাৰে স্থানীয় কিছুমান সচেতন লোকে অবৈধ কাঠফলা মিলৰ মালিকক মিলখন বন্ধ কৰিবলৈ কোৱাত মিল মালিক আৰু ৰাইজৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। মিল মালিক আৰু ৰাইজৰ তৰ্ক-বিতৰ্ক এটা সময়ত মাৰপিটৰ ৰূপ লয় আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰে। পৰৱৰ্তী সময়ত দুয়োপক্ষই বৰছলা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। এতিয়া প্ৰশ্ন হ’ল ৰাইজৰ অভিযোগ যদি সত্য তেন্তে কাৰ সাহসত হাবিজুৰ ৰহমান নামৰ লোক জন অঞ্চলটোত এনেদৰে মুকলি ভাৱে অবৈধ কাঠফলা মিলটো চলাই আছে? ৰাইজে অভিযোগ অবৈধ কাঠফলা মিলটোৰ মালিক হাবিজুৰ ৰহমান আৰু বন বিষয়াৰ মাজত গোপন বুজা-বুজি থকাৰ বাবেহে হাবিজুৰ ৰহমানে অবৈধ ভাৱে কাঠফলা মিল চলাই আছে।

দূৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰখনে অবৈধ কাঠফলা মিলটোৰ মালিক হাবিজু্ৰ ৰহমানৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰিব নে হাবিজু্ৰ ৰহমানে অঞ্চলটোত এনেদৰে চলাই যাব অবৈধ কাঠফলা মিল? এইয়াই এতিয়া চৰকাৰ তথা বন বিভাগলৈ ৰাইজৰ প্ৰশ্ন।