গুৱাহাটী

৯ আগষ্ট

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পদ্মশ্ৰী, পদ্মভুষণ সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত চৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী বুলি মন্তব্য কৰা বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰৰ দাবীত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট। মহানহৰীৰ গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত দুঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি হোজাইৰ বিধায়ক শিলাদিত্য দেৱক তীব্ৰ সমালোচনা কৰিলে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হাফিজুল আহমেদে।

শোণিতপুৰ জিলাৰ ঠেলামৰাত দুই ফৈদৰ মাজত হোৱা সংঘাতক সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্রীয় সমিতিৰ সভাপতি হাফিজুল আহমেদে গৰিহণা আৰু ধিক্কাৰ জনাই কয় যে মহামান্য উচ্চতম ন্যায়লয়ৰ ৰায়ক সন্মান প্ৰদৰ্শন কৰা সকলো ভাৰতীয় নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য। চৰকাৰী অনুমতি অবিহনে কৰ’ণা মহামাৰীৰ গণ-সংক্ৰমনৰ দিনত সামজিক দূৰত্ব মানি চলাৰ আদেশক ভেঙুচালি কৰি সাম্প্ৰদায়িক সংঘৰ্ষত লিপ্ত হোৱা দুই ফৈদৰ অপৰাধী সকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। দুৰ্ভাগ্যজনক কথা এই যে দুই ফৈদৰ মাজত হোৱা সংঘৰ্ষৰ আলম লৈ হোজাইৰ বিধায়ক শিলাদিত্য দেৱে অসম সাহিত্য সভাৰ প্ৰাক্তন সভপতি, পদ্মশ্ৰী, পদ্মভূষণ, সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত চৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী বুলি মন্তব্য কৰি খিলঞ্জীয়া অসমীয়া সমাজখনৰ লগতে অসম সাহিত্য সভাক অপমান কৰা কাৰ্যক আমি তীব্ৰ নিন্দা কৰিছো। অসমীয়া সমাজৰ অন্যতম পুৰোধা ব্যক্তি, কবি, সাহিত্যিক গৰাকীৰ বিষয়ে শিলাদিত্য দেৱৰ দৰে এজন সন্দেহজনক মানুহে এনেধৰণে মন্তব্য কৰাৰ অধিকাৰ নাই।শিলাদিত্য দেৱেৰ দৰে সাম্প্ৰদায়িক মনোভাৱৰ কুখ্যাত নেতাক ঠেলামৰা ঘটনাৰ আঁৰৰ মুল ব্যক্তি হিচাবে আমি ভাৱিবলৈ বাধ্য হৈছো।

হাফিজুল আহমেদে অসম চৰকাৰক সঘনাই সাম্প্ৰদায়িক মন্তব্য কৰা বিধায়ক শিলাদিত্য দেৱক লেকাম লগাবলৈও দাবী জনাই কয় যে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ অসমত সাম্প্ৰদায়িক কথাৰে এক কুলষিত আৰু বিশৃংখল পৰিৱেশ সৃষ্টি কৰি ভাতৃঘাতী সংঘৰ্ষৰে অসম ৰক্তাক্ত কৰিব হোজাইৰ বিধায়ক গৰাকীয়ে। মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ দলৰে বিধায়ক এজনকেই যদি লেকাম লগাব নোৱাৰে তেনেহলে খিলঞ্জীয়াৰ জাতি, মাটি আৰু ভেটি কেনেকৈ ৰক্ষা কৰিব এয়া এক ডাঙৰ প্ৰশ্ন বুলিও মন্তব্য প্ৰকাশ কৰে হাফিজুল আহমেদে।

ইফালে কেন্দ্ৰীয় সমিতিৰ সভাপতি হাফিজুল আহমেদৰ আহ্বানমৰ্মে বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন ঠাইত এজাহাৰ দাখিল কৰে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে। ঢেকিয়াজুলিৰ ঠেলামৰাত সংঘটিত ঘটনাৰ প্ৰসংগত বিতৰ্কিত বিধায়কজনে পদ্মশ্ৰী, পদ্মভূষণ, সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত চৈয়দ আব্দুল মালিকৰ সম্পৰ্কত কৰা মন্তব্যৰে অসমীয়া সমাজক কৰা চৰম অপমান কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি কয় পৰিষদৰ বিত্ত সম্পাদক জালালুদ্দিন আহমেদে। অনতিপলমে মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ দায়িত্বত থকা সৰ্বানন্দ সোণোৱালে বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰ কৰিবলৈ গৃহ বিভাগক নিৰ্দেশ দিয়ক নহ’লে অসমীয়া ৰাইজে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাজহাড় নাই বুলি ভাবিবলৈ বাধ্য হ’ব বুলিও মন্তব্য কৰে জালালুদ্দিন আহমেদে।