গুৱাহাটী

৯ আগষ্ট

হোজাইৰ বিজেপি দলৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ। স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিকৰ সৃষ্টিৰাজকী জেহাদী আখ্যা দিছিল বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱ। বিভিন্ন দল-সংগঠনৰ লগতে অসমবাসী ৰাইজে তীব্ৰ গৰিহণা দিছে শিলাদিত্য দেৱক।

সঘনাই বিতৰ্কিত মন্তব্য জৰিয়তে সংবাদ মাধ্যমত চৰ্চিত হৈ থকা হোজাইৰ বিজেপি দলৰ বিধায়ক শিলাদিত্য দেৱ এইবাৰ স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিকৰ সৃষ্টিৰাজকী জেহাদী আখ্যা দি বিপাঙত পৰিছে। অসমবাসী ৰাইজে লগতে বিভিন্ন দল-সংগঠনে বিধায়ক শিলাদিত্য দেৱৰ এই বিতৰ্কিত মন্তব্যক গৰিহণা দিছে। দেওবাৰে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে সাহিত্যিক চৈয়দ আব্দুল মালিককলৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। শিলাদিত্য দেৱক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে মহানহৰীৰ জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছে। অসম সাহিত্য সভা তথা জাতীয় সংগঠনসমূহ শিলাদিত্য দেৱ এনে বিতৰ্কিত মন্তব্য কৰাৰ পিছতো কিয় নিমাত হৈ আছে বুলিও প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৰ নেতৃত্বই।

অসম আৰক্ষী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক শীঘ্ৰেই বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈও দাবী জনাইছে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে। স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিকক শিলাদিত্য দেৱে জেহাদী আখ্যা দি সাহিত্যিকগৰাকীক কৰা অপমানক কোনেও সহজভাৱে ল’ব পৰা নাই।