বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১২ মাৰ্চ: বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মালেগড় আৰু পাছনীয়াত সোমবাৰে স্থানীয় ৰাইজৰ সহায়ত বন বিভাগে দুটাকৈ হৰিণা উদ্ধাৰ কৰে। প্ৰাপ্ত তথ্য মতে, সোমবাৰে পুৱা প্ৰায় ৬ বজাত এটা হৰিণা মালেগড়ৰত পুখুৰীত পানী খাবলৈ আহি কুকুৰৰ আক্ৰমনৰ সম্মুখীন হোৱাত ৰাইজে হৰিণাটোক উদ্ধাৰ কৰি বন বিভাগক খবৰ দিয়াত অভয়াপুৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পৰা বন বিভাগৰ এটা দল ঘটনাস্থলিত উপস্থিত হৈ হৰিণাটোক অভয়াপুৰীলৈ লৈ যায়। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, হৰিণাটো খোৰাগাঁও প্ৰস্তাবিত সংৰক্ষিত বনাঞ্চলৰ পৰা নামনিলৈ পানী খাবলৈ আহি কুকুৰৰ আক্ৰমণৰ সন্মুখীন হৈছিল। আনপিনে, প্ৰায় ১০ বজাত পাছনীয়াৰ ৫ নং চৰৰ কেইগৰাকীমান মাছমৰীয়াই এটা হৰিণা পানীত উটি অহা প্ৰত্যক্ষ কৰি হৰিণাটোক উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে। উল্লেখ্য যে, বন বিভাগৰ সুত্ৰই জানিবলৈ দিয়া মতে সাধাৰণ ভাবে আঘাট প্ৰাপ্ত হৰিণা দুটাক বন বিভাগৰ চিকিৎসকে চিকিৎসা কৰি আছে আৰু সুস্থ হলেই পুনৰ হৰিণা দুটাক বনাঞ্চলত এৰি দিয়া হব অথবা কোকৰাঝাৰ জিলাৰ চৰাইখোলাস্থিত পুনৰ সংস্থাপন শিৱিৰলৈ প্ৰেৰণ কৰা হব।