গুৱাহাটী, সংবাদ ৩৬৫, ১২ মাৰ্চ: মহানগৰীত স্মাৰ্ট পুলিচক বুঢ়া আঙুলি বিলাসী বাহনেৰে অহা চোৰৰ। স্মাৰ্ট চিটীত আৰক্ষীৰ সোপাঢিলা নিৰাপত্তাৰ গইনা লৈ চোৰে টিলিকতে লৈ যাব পাৰে আপোনাৰ বাহন৷ এই কথাকে প্ৰ্মাণিত কৰি শুকুৰবাৰে নিশা মহানগৰীৰ জু ৰোড তিনি আলিত অভিযান চলায় চোৰৰ এটা দলে৷ জনপূৰ্ণ জু ৰোড তিনি আলি নিবাসী জয়ন্ত কুমাৰ দাস নামৰ লোকজনৰ ঘৰত শুকুৰবাৰে নিশা চাৰে এঘাৰ বজাত এটা দল চোৰৰ দল সোমাই চৌহদত থকা ঘৰৰ গৰাকী দাসে নতুনকৈ কিনা ৰয়েল এনফিল্ড বুলেটখন নিয়াৰ চেষ্টা চলায়। এখন আই টুৱেন্টি বাহনৰ পৰা নামি আৰামত আহি দুচকীয়া বাহনখনৰ লক ভঙাৰ লগে লগে গৃহস্থৰ ঘৰৰ কুকুৰে ভুকিবলৈ আৰম্ভ কৰাতহে কথমপি ৰক্ষা পৰে ৱুলেটখন৷ দাসৰ ঘৰৰ চিচিটিভিত বন্দী হৈ ৰয় চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য। গৃহস্থ বাহিৰলৈ ওলাই অহাৰ লগে লগেই বিলাসী গাড়ীত উঠি উধাও হয় চোৰৰ দলটো৷ স্থানীয় গীতানগৰ থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দিয়া হৈছে যদিও এইপৰ্যন্ত বিলাসী গাড়ীত অহা চোৰ ধৰাত সফল হোৱা নাই আৰক্ষী৷