বঙাইগাঁও, সংবাদ ৩৬৫, ১০ মে’ : বঙাইগাঁও জিলাৰ অভয়াপুৰীত সমাজ কল্যান বিভাগৰ সৰহ সংখ্যক অংগনাবাদী কেন্দ্ৰত ব্যাপক দুৰ্নীতিৰ অভিযোগ। সৃজনগ্ৰামৰ কাছাৰিপট্টীত অংগনাবাদী কৰ্মীৰ বিৰুদ্ধে শিশুখাদ্য আত্মসাত কৰাৰ অভিযোগত উত্তপ্ত পৰিস্থিতি।

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ অন্তৰ্গত সৃজনগ্ৰামৰ কাছাৰিপট্টীত শিশুৰখাদ্য আত্মসাত কৰি ৰাইজৰ ৰোষত পৰিব লগা হ’ল এগৰাকী অংগনাবাদী কৰ্মী। জিলাখনৰ অভয়াপুৰীৰ অন্তৰ্গত সৃজনগ্ৰামৰ শিশু উন্নয়ন সেৱা সমিতিৰ অধীনস্থ কাছাৰিপট্টীৰ ১১৯ নং অংগনবাদী কেন্দ্ৰটোৰ কৰ্মী লুতফা খাতুনৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। কেন্দ্ৰটোৰ জৰিয়তে অঞ্চলটোৰ প্ৰতিগৰাকী গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে আৱন্তিত পুষ্টিকৰ খাদ্য যোগানৰ নামত লুতফা খাতুনে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখনীয় যে প্ৰতিগৰাকী হিতাধিকাৰীৰ নামত অহা ৬ কেজি চাউল আৰু ২ কেজি মটৰমাহৰ পৰিবৰ্তে লুতফা খাতুনে ৩ কেজি চাউল আৰু ৭৫০ গ্ৰামকৈহে মটৰমাহ দিয়াৰ যোগান ধৰাৰ উপৰিও চৰকাৰে বিনামুলীয়াকৈ যোগান ধৰা বুটৰ গুৰিৰ বাবদ ৫ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
অংগনবাদী কৰ্মী লুতফা খাতুনে স্বামীৰ সৈতে মিলি স্থানীয় ব্যাপক দুৰ্নীতি চলাই থকাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

উল্লেখ্য যে, শনিবাৰে অংগনাবাদী কৰ্মী লুতফা খাতুনৰ দুৰ্নীতিৰ বিৰোধিতা কৰি একাংশ পুৰুষ-মহিলাই অংগনাবাদী কেন্দ্ৰটোত উপস্থিত হোৱাত লুতফা খাতুনৰ স্বামী আৰু আৰু লুতফা খাতুন ৰাইজৰ সৈতে বিবাদত লিপ্ত হোৱাত পৰিস্থিত উত্তপ্ত হৈ পৰে। কৰ্মীগৰাকীৰ উক্ত দুৰ্নীতিৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ জিলা উপায়ুক্তক দাবী উত্থাপন কৰে স্থানীয় লোকসকলে।