গুৱাহাটী, সংবাদ ৩৬৫, ১০ মে’ : অসমত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত সংখ্যা ৬২ লৈ বৃদ্ধি পাইছে। যোৰহাট জিলাৰ দুগৰাকী মহিলা নতুনকৈ কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি টুইট যোগে সদৰি কৰিছে স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা।

দেশৰ অন্যান্য ৰাজ্য সমূহৰ সমান্তৰালে অসমতো প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা। শনিবাৰে পুনৰ অসমত ২ জনকৈ কভিড-১৯ কৰ’ণা ভাইৰাছ আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পায়। এইবাৰ যোৰহাট জিলাৰ দুগৰাকী মহিলা মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈছে। আক্রান্ত মহিলা দুগৰাকী মুম্বাইৰ পৰা এম্বুলেঞ্চ যোগে যোৰহাটলৈ উপস্থিত হৈছিল। মহিলা দুগৰাকী যোৰহাটলৈ অহা এম্বুলেঞ্চৰ চালকজানো কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত আছিল বুলি জানিব পৰা গৈছে। এম্বুলেঞ্চ চালকজন মুম্বাইলৈ উভতি যোৱা বুলিও জানিব পৰা গৈছে। নতুনকৈ যোৰহাটৰ দুগৰাকী মহিলাৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৬২ লৈ বৃদ্ধি পাইছে। ইয়াৰে ৩৪ গৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভটিছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইট যোগে এই কথা সদৰি কৰিছে।

যোৰহাটত নতুনকৈ কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি চিনাক্ত হোৱা মহিলা দুগৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰা হৈ আছে। ইমান দিনে কৰ’ণামুক্ত হৈ থকা যোৰহাট জিলা অৱশেষত শনিবাৰে কভিড-১৯ কৰ’ণা ভাইৰাছেৰে সংক্ৰমিত হ’ল।