বঙাইগাঁৱৰ পৰা কিশোৰ দাস, ১ জানুৱাৰী:  জৈৱিক খেতিৰ দ্বাৰা স্বাবলম্বী হৈছে অভয়াপুৰীৰ ৰাজীৱ সিংহ নামৰ এজন নিবনুৱা যুৱক। যি সময়ত ৰাজ্যত মুল্যবৃদ্ধিয়ে ৰাজ্যবাসীক জুৰুলা কৰিছে আৰু মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰখনক দোষাৰোপ কৰিবলৈ লৈছে ৰাইজে, তেনে সময়তে ৰাজ্যৰ একাংশ যুৱকে নিজ চেষ্টাৰে স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যবাসীক যোগান ধৰিছে জৈৱিক প্ৰক্ৰিয়াৰে উৎপাদিত সামগ্ৰী। তেনে এজন যুৱক হৈছে অভয়াপুৰীৰ ৰাজীৱ সিংহ। আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰি চৰকাৰী চাকৰিৰ পিছত সময় নষ্ট নকৰি কৃষিকে জীৱন সাৰথি কৰি লৈছে ৰাজীৱ সিংহই। প্ৰায় ১৭ বছৰৰ পূৰ্বে পছিশ বিঘা মাটিত চাহ খেতিৰ লগতে কমলা, সাচি আৰু নেমুৰ খেতি আৰম্ভ কৰিছিল ৰাজীৱে। পৰবৰ্তী সময়ত ষ্ট্ৰবেৰী খেতিত আৰম্ভ কৰি নিজকে আৰ্থিক ভাৱে স্বাৱলম্বী কৰি তোলে ৰাজীৱে। ৰাজ্যত ফুলৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজীৱে এডৰা মাটিত ৰজনীগন্ধা ফুলৰ খেতি আৰম্ভ কৰে। পাচলিৰ অভাৱনীয় মুল্যবৃদ্ধিৰ পৰা ৰাইজক সকাহ দিয়াৰ উদ্দেশ্য পাচলি খেতি কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰে। চাহিদা আৰু যোগানৰ মাজৰ সামঞ্জস্যহীনতাৰ বাবেই পাচলিৰ মুল্য বৃদ্ধি পোৱা কথাটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাজীৱে বিকল্পৰ পথ বিচাৰি পাচলিৰ খেতি আৰম্ভ কৰে। ৰাজীৱে পৰিচালনা কৰি গম পালে যে জন বিস্ফোৰণৰ সময়ত পৰম্পৰাগত কৃষিৰ জৰিয়তে পাচলিৰ বৰ্ধিত চাহিদা পুৰণ কৰিবলৈ সম্ভব নহব। তাৰোপৰি বতৰীয় কৃষিৰ দ্বাৰা চাহিদা পূৰণ কৰিব পাৰিলেও ব্যক্তিগত ভাবে বহু লোকচানৰ সন্মুখীন হ’ব লগিয়া হয়। ইয়াৰ ফলত আধুনিক বিজ্ঞান সন্মত পদ্ধতি ব্যৱহাৰ কৰি আৱতৰীয়া পাচলিৰ খেতি কৰাৰ ওপৰত গুৰুত্বৰ আৰোপ কৰে ৰাজীৱে। এই ক্ষেত্ৰত ৰাজীৱ সিংহই বঙাইগাঁও জিলাৰ কৃষি বিজ্ঞান বিভাগৰ মুখ্য বিজ্ঞানী ডঃ চিন্ময় শৰ্মাৰ কাৰিকৰী সহায়ত নিজ বাগানৰ ভিতৰভিত ৩৫ হাজাৰ টকাৰ বিনিময়ত পৰীক্ষামূলক ভাৱে আৰম্ভ কৰিছিল সেউজ গৃহ। ১৭ মিটাৰ বহল আৰু ৬ মিটাৰ দীঘল এই গৃহটোৱে বৰ্তমান সময়ত তিঁয়হ, বিলাহীৰ খেতি আৰম্ভ কৰিছে। এনে ধৰণৰ পদক্ষেপ ৰাজ্যৰ অন্য কৃষকসকলে গ্ৰহণ কৰিলে মূল্যবৃদ্ধি হ্ৰাস পোৱাৰ লগতে কৃষকসকল অতি কম খৰছৰ বিনিময়ত অধিক লাভবান হব পাৰি।