মিৰ্জাৰ পৰা অজয় দাসৰ সহযোগত ৰামপুৰৰ পৰা গীতালি ভাগৱতী, ২ জানুৱাৰী: মহানগৰী গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ বঙৰাৰ এগৰাকী মহিলা বস্ত্ৰ শিল্পৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি অনাৰ বাবেও হৈ পৰিছে প্ৰেৰণা। নিজু দাসৰ বাসগৃহত উপস্থিত হলে দেখিবলৈ পোৱা যায় মহিলাসকলৰ বাবে নিজ হাতেৰে নিজু দাসে তৈয়াৰ কৰা বিভিন্ন ডিজাইনৰ মেখেলা চাদৰৰ পৰা আৰম্ভ কৰি পুৰুষৰ কুর্তা, গামোচা আৰু বিভিন্ন ধৰণৰ কাপোৰ। ২০০৫ চনত ঋণলৈ কাপোৰৰ ব্যৱসায় আৰম্ভ কৰা নিজু দাস এতিয়া অঞ্চলটোত হৈ পৰিছে এগৰাকী প্ৰতিষ্ঠিত মহিলা ব্যৱসাই। অকল অসম তথা ভাৰতবৰ্ষতে নহয় নিজু দাসৰ কাপোৰৰ চাহিদা আছে সুদূৰ আমেৰিকা, লণ্ডনৰ লগতে বিশ্বৰ বিভিন্ন দেশত। বিশ্বৰ বিভিন্ন দেশৰ পৰা গ্ৰহকে নিজু দাসলৈ ফোন আৰু ইণ্টাৰনেটৰ মাধ্যমেৰে ডিজাইন প্ৰেৰণ কৰে আৰু সেই অনুযায়ী নিজু দাসে গ্ৰাহকৰ সামগ্ৰী তৈয়াৰ কৰি সেইবোৰ পিঠিয়াই দিয়ে। নিজু দাসে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত প্ৰায়ে হৈ থকা বস্ত্ৰমেলাসমূহৰ বাবেও তৈয়াৰ কৰে বস্ত্ৰ। বস্ত্ৰমেলাসমূহৰ পৰা পোৱা অৰ্ডাৰ নিজু দাস নিজৰ সহযোগী কেইগৰাকীমান শিপিনী লগত মিলি তৈয়াৰ কৰে। নিজু দাস নিজৰ এই বস্ত্ৰ ব্যৱসায়টোৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰাৰ লগতে কেইবাগৰাকী মহিলা শিপিনীকো কৰ্মসংস্থাপন দিছে। ২০০৫ চনৰ পৰা কোনো ধৰণৰ চৰকাৰী সাহায্য নোলোৱাকৈ নিজু দাসে নিজৰ প্ৰচেষ্টাৰে চলাই যোৱা এই বস্ত্ৰ ব্যৱসায়ৰ বাবে কৃষি বিশ্ববিদ্যালয়ৰ ফালৰ পৰা পুৰুস্কৃত হৈছে।