বটদ্ৰৱা, ৩১ ডিচেম্বৰ: এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা নগাঁও জিলাৰ জামুগুৰিৰ সৰবৰহী যুৱক গৌতম নাথৰ শনিবাৰে বিয়লি মৃত্যু হয়। যুৱকজনৰ অকাল মৃত্যুত এতিয়া সমগ্ৰ জামুগুৰি, বেবেজীয়া, চকলাঘাট, কুজীডাহ, জাজৰি অঞ্চলত শোঁকৰ ছা পৰিছে। ঘটনাৰ বিৱৰণীত প্ৰকাশ যে, যোৱা ২৭ ডিচেম্বৰৰ নিশা ১০ বজাত স্কুটাৰেৰে নিজ কৰ্মস্থলী বিৰহ বেবেজীয়াৰ ‘শ্ৰীকৃষ্ণ’ ধাবাৰ পৰা জামুগুৰিৰ ঘৰলৈ গৈ থকা অৱস্থাত বেবেজীয়া-জামুগুৰি-নমাটি সংযোগী পথৰ পূব জামুগুৰি ৰাজহুৱা পুখুৰীৰ ওচৰত দুৰ্ঘটনাত পতিত হৈছিল গৌতম নাথ। গুৰুতৰভাৱে আহত গৌতমক লগে লগে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে সেইদিনাই নিশা গুৱাহাটীৰ হায়াট হাস্পতাললৈ প্ৰেৰণ কৰা হয়। মূৰত আঘাতপ্ৰাপ্ত গৌতমৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰা হয় যদিও শনিবাৰে বিয়লি চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে। জামুগুৰিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত অমায়িক,অতি বিনয়ী স্বভাৱৰ গৌতমে মৃত্যুৰ সময়ত পিতৃ-মাতৃ, এগৰাকী ভগ্নী আৰু ভাতৃক ইহসংসাৰত এৰি থৈ যায়।