সোণতলী, ১৩ আগষ্টঃ দক্ষিণ কামৰূপৰ সোণতলীত বিদ্যুৎ স্পৃষ্ট হৈ এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন তিনিগৰাকী মহিলা গুৰুতৰ ভাবে আহত হোৱাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যকৰ পৰিবেশ বিৰাজ কৰিছে৷ প্ৰাপ্ত তথ্য মতে, সোণতলীৰ ৩ নং দক্ষিণ ৰাঙ্গাপানীৰ এটি খাৱৈত কেবাগৰাকী পুৰুষ-মহিলাই মৰাপাট বাছি (ধুই) থকাৰ সময়ত হঠাৎ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰে৷ ফলত বয়োজ্যেষ্ঠ চাৰিগৰাকীকৈ মহিলা বিদ্যুৎ স্পৃষ্ট হয়৷ ইয়াৰে ৩ নং দক্ষিণ ৰাঙ্গাপানী গাঁৱৰ ৰহম আলীৰ পত্নী আকলিমা খাতুন (৩০) নামৰ মহিলা গৰাকী ঘটনাস্থলীতে মৃত্যু হয়। আনহাতে গাওঁখনৰে জিল্লুৰ ৰহমানৰ পত্নী জাৰফুল নেছা (৫০), মইদুল ইছলামৰ পত্নী ফাতেমা খাতুন (৩৫) আৰু আব্দুল মান্নানৰ পত্নী মইফুল নেছা (৫০) গুৰুতৰ ভাবে আহত হয়৷ আহত মহিলা তিনিগৰাকী সম্প্ৰতি সংকটজনক অৱস্থাত সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে ৷ ম্যাদ উকলি যোৱা তাঁৰেৰে বিদ্যুৎ বিভাগে বিদ্যুৎ যোগান ধৰাৰ বাবেই এই কৰুণ ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ কৰিছে ৷