বৰঝাৰ, সংবাদ ৩৬৫, ৩০ নৱেম্বৰ: প্ৰথমে মিষ্টাৰ ইণ্ডিয়া ২০১৭,২০১৮ৰ খিতাপ তাৰ পিছত মিষ্টাৰ এছিয়া ২০১৮ খিতাপ অৰ্জন কৰি চলিত বৰ্ষৰ ২১ অক্টোবৰত ডব্লিউ এফ এফ-ডব্লিউ বি বি এফয়ে আয়োজন কৰা মিষ্টাৰ ৱৰ্ল্ড খিতাপ দখল কৰি পুনৰ মিষ্টাৰ ইউনিভাৰ্ছ অভাৰঅল খিতাপ দখল কৰি শুকুৰবাৰে নিজ মাতৃভুমিত বিমানবন্দৰত আহি উপস্থিত হয় অসম সন্তান গোলাপ ৰাভা । থাইলেণ্ডৰ পাটিয়া চহৰত অনুষ্ঠিত হোৱা শৰীৰ চৰ্চা প্ৰতিযোগিতাত দুটাকৈ স্বৰ্ণ পদক অৰ্জন কৰি অসমবাসীৰ লগতে ভাৰতবৰ্ষক গৌৰৱান্বিত কৰি তুলিলে অসম সন্তান গোলাপ ৰাভাই । পাটিয়া চহৰত অনুস্থিত হোৱা মিষ্টাৰ ইউনিভাৰ্ছ অভাৰঅল খিতাপ দখল কৰাৰ লগতে প্ৰ মিষ্টাৰ এছিয়া খিতাপো দখল কৰিবলৈ সক্ষম হয় গোলাপ ৰাভাই । সৰুৰে পৰা কষ্ট কৰি ডাঙৰ দীঘল হোৱা গোলাপ ৰাভাৰ এই সাফল্যত গৌৰাম্বিত মাতৃ। লগতে স্বামীৰ এই সাফল্যত অত্যন্ত সুখী গোলাপ ৰাভাৰ পত্নী। চৰকাৰৰ ফালৰ পৰা কোনো সহায় সহযোগীতা আজিলৈকে একো লাভ কৰা নাই, তথাপিও ৰাইজৰ মৰম-আশীৰ্বাদে যথেষ্ঠ বুলি জনায় ৰাভাৰ পত্নীয়ে। উল্লেখ্য যে প্ৰতিযোগিতাখনত অসম সন্তান গোলাপ ৰাভাই ৮০ কিলোগ্ৰামৰ দুটাকৈ প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি সফলতাৰে দুয়োটা প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰি মিষ্টাৰ ইউনিভাৰ্ছ অভাৰঅল আৰু মিষ্টাৰ এছিয়াৰ সন্মানৰ অধিকাৰী হৈ প্ৰ মিষ্টাৰ এছিয়াৰ খিতাপ দখল কৰে । অতি কঠিন হোৱা এই প্ৰতিযোগীতাত ভাৰতৰ জাতীয় পতাকা,অসমৰ গামোছা আৰু ৰাভা জাতীয় সংস্কৃতিৰ পাজাৰ বিশ্বৰ মানচিত্ৰত উজ্বলোৱাৰ বাবে বহুত সুখী বুলি জনায় গোলাপ ৰাভাই । লগতে গোলাপ ৰাভাই ৰাভা জাতীয় হোৱাৰ বাবে চৰকাৰে তেওঁক এনেদৰে অৱহেলিত কৰা বুলি জনায় গোলাপ ৰাভাই। লগতে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তাই গোলাপ ৰাভাক ৰাভা জাতীয় হোৱাৰ বাবে গোলাপ ৰাভাক মাহী আইৰ দৃষ্টিৰে চোৱা বুলি জনায়। আনহাতে মিষ্টাৰ ইউনিভাৰ্ছ অভাৰঅল খিতাপ দখল কৰি গোলাপ ৰাভা বিমানবন্দৰত উপস্থিত হোৱাত লগে লগে উষ্ম আদৰণি জনায় আত্মীয়ৰ লগতে শুভকাংশী সকলে । সাংস্কৃতিক সংস্কৃতিৰে বিমানবন্দৰৰ পৰাই গোলাপ ৰাভাক আদৰি আনে শুভকাংশীসকলে ।