বঙাইগাঁৱৰ পৰা কিশোৰ কুমাৰ দাস, ২২ ডিচেম্বৰঃ দুৰাৰোগ্য ৰোগত আক্ৰান্তহৈ মৃত্যু যন্ত্ৰণাত চটফটাইছে অভয়াপুৰীৰ এটি কিশোৰক প্ৰয়োজন অসমবাসীৰ সহায়ৰ। অসমবাসীৰ সহায়ে দেৱজিতক পুনৰ ঘুৰাই দিব পাৰে সোনালী কৈশোৰ। অভয়াপুৰীৰ এটি এঘাৰ বছৰীয়া কিশোৰ, সমনীয়া সৈতে খেলা ধেমালিত ব্যস্ত থকাৰ সময়তে এই কিশোৰটি ৰোগ শয্যাত চটফটাই জীৱন অতিবাহিত কৰিব লগা হৈছে বিগত এমাহ ধৰি। বিদ্যালয়ৰ সন্মুখত বাদাম বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া কিশোৰটিৰ পিতৃ আজি অসহায়, চিকিৎসাৰ বাবে ধনৰ যোগাৰ কৰিব নোৱাৰা পিতৃ মাতৃয়ে নীৰৱে সহি থাকিব লগীয়া হৈছে মৃত্যু যন্ত্ৰণাত চটফটাই থকা পুত্ৰৰ যন্ত্ৰণাকাতৰ মুখ খনলৈ। পুত্ৰৰ এনে হৃদয় বিদাৰক দৃশ্য ক্ৰমাত অসহনীয় হৈ পৰাত পিতৃ মাতৃয়ে বিচাৰিছে অসমবাসী ৰাইজৰ এধানি মৰম আৰু সহায়। পিতৃ মাতৃৰ আশা ৰাইজৰ সহায়ে পুত্ৰৰ মৰণ যন্ত্ৰণাৰ পৰা ওভোটাই আনি পুনৰ সমনীয়াৰ সৈতে উমলিব পৰা কৰিব। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ২নং বাৰ্ডৰ পিৰাধৰাৰ বাসিন্দা মহাদেৱ পালৰ পুত্ৰ স্ত্ৰীৰ সতে আছিল এখন সুখৰ সংসাৰ। বিদ্যালয় সন্মুখত বাদাম বিক্ৰী কৰি মহাদেৱে সুন্দৰ ভাবে পৰিয়ালটোক পোহপাল দি আহিছিল। কিন্তু বিগত এমাহমানৰ পূৰ্বে মহাদেৱৰ পৰিয়ালটোলৈ নামি আহিল কাল অমানিশা। মহাদেৱৰ পুত্ৰ অভয়াপুৰীৰ অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দেৱজিৎ পাল হঠাতে গুৰুতৰ ভাবে অসুস্থ হৈ পৰে। কিছুদিন মূৰৰ সামান্য বিষ আৰু বমিত ভূগি থকা দেৱজিৎৰ শৰীৰৰ সোফালটো ক্ৰমশঃ বিকল হৈ পৰে। পুত্ৰৰ এনে অৱস্থাত নিৰক্ষৰ পিতৃয়ে প্ৰথমে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ নিয়াৰ পৰামৰ্শ দিয়ে। দৰিদ্ৰ পিতৃ কোনোমতে সামান্য ধন লগত লৈ পুত্ৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ আহে। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত কিশোৰটিৰ মগজুৰ এম আৰ আই কৰাৰ পিছত পোহৰলৈ আহে যে কিশোৰটি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত।কিশোৰটিৰ মগজুত এটি টিউমাৰৰ সংক্ৰমণৰ বাবেই অৱস্থা ক্ৰমাৎ সংকটজনক অৱস্থালৈ গতি কৰা বিষয়টো ধৰা পৰাত চিকিৎসকে কিশোৰটিক বি বৰুৱা কেন্সাৰ ইন্সটিউটিউটলৈ প্ৰেৰণ কৰে। কিন্তু ইতিমধ্যে কিশোৰটিৰ দৈহিক অৱস্থা অধিক সংকটজনক হৈ পৰাত অসমত এই ৰোগৰ চিকিৎসা সম্ভৱ নহয় বুলি চিকিৎসকে ঘৰলৈ ওভতাই পঠায় কিশোৰটিক। চিকিৎসকৰ এনে ঘোষণাৰ পিছত অসহায় পিতৃ মাতৃয়ে কিশোৰটিক ঘৰলৈ ওভোটাই আনে। বৰ্তমান বাসগৃহত থাকি শয্যাগত হৈ মৃত্যুৰ সৈতে যুঁজি আছে কিশোৰটি। নিসম্বল পিতৃ মাতৃয়ে কিশোৰটিক ৰাজ্যৰ বাহিৰলৈ নি উন্নত চিকিৎসা প্ৰদান কৰিবলৈ অপাৰগ হোৱাত নীৰৱে চাই থাকিব লগা হৈছে পুত্ৰৰ মৰণ কাতৰ যন্ত্ৰণা। পুত্ৰক এনে যন্ত্ৰণাৰ মাজত দেখি নীৰৱে চকুলো টোকা পিতৃ মাতৃৰ এতিয়া একমাত্ৰ ভৰষা অসমবাসীৰ ওপৰত। এই বিপদৰ সময়ত কোনো সদাশয় ব্যক্তি বা অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁলোকৰ কাষত থিয় দি তেওঁলোকৰ একমাত্ৰ পুত্ৰৰ জীৱন ৰক্ষা কৰে তাৰে অপেক্ষাত আছে এই দুৰ্ভগীয়া পিতৃ মাতৃ। কাৰোবাৰ সহায়ত পুত্ৰক চেন্নাই বা বেংগালুৰুৰ কোনো উন্নত চিকিৎসালয়লৈ নি পুত্ৰৰ হেৰুৱাব খোজা কৈশোৰ পুনৰ ঘুৰাই আনিব পৰা যাব মনত এনে অযুত সপোনলৈ পিতৃ মাতৃয়ে পুত্ৰৰ জীৱন প্ৰাৰ্থনা কৰি ৰাইজৰ পৰা বিচাৰিছে সহায় সহযোগিতা। সদাশয় ৰাইজ আৰু অনুষ্ঠান প্ৰতিষ্ঠানক পিতৃ মহাদেৱ পালৰ নামত ভাৰতীয় ষ্টেট বেংক অভয়াপুৰী শাখাত থকা ৩৪২২২৫৪৫১০১ নম্বৰৰ একাউন্টত সাহাৰ্য প্ৰদানৰ বাবে অনুৰোধ জনাইছে। পিতৃৰ ৮৯২০৯১৩৬৩৭ মোবাইল নম্বৰতো যোগাযোগৰ বাবে পৰিয়ালটোৱে ৰাইজক অনুৰোধ জনাইছে।