গুৱাহাটী, সংবাদ ৩৬৫, ২৩ নৱেম্বৰ: অসমৰ নাম পুনৰ বিশ্বৰ দৰবাৰত উজ্বলোৱাৰ চেষ্টাৰে থাইলেণ্ডলৈ ৰাওনা হ’ল অসম দুই সন্তান। শুকুৰবাৰে বৰঝাৰ বিমানবন্দৰৰ পৰা থাইলেণ্ড আৰু বেংককলৈ মিষ্টাৰ ইউনিভাৰ্ছ আৰু মিষ্টাৰ মাষ্টাৰ ইউনিভাৰ্ছ প্ৰতিযোগীতালৈ ৰাওনা হ’ল বকোৰ গোলাপ ৰাভা আৰু গড়চুকৰ বিজু বড়ো । উল্লেখযোগ্য যে গোলাপ ৰাভাই ২১ অক্টোবৰত ইউৰোপৰ লিথুৱানিয়াত ডব্লিউ এফ এফয়ে আয়োজন কৰা মিষ্টাৰ ৱৰ্ল্ড শৰীৰ চৰ্চা প্ৰতিযোগীতাত আন্তঃৰাষ্ট্ৰীয় বহু কেইগৰাকী শৰীৰ চৰ্চা প্ৰতিযোগিক চেৰ পেলাই বিজয়ী মুকুট পিন্ধি ভাৰত তথা অসমৰ নাম উজ্বলাই আনিবলৈ সক্ষম হৈছিল । অহা ২৪ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰ লৈ অনুষ্ঠিত হ’বলগীয়া এই মিষ্টাৰ মাষ্টাৰ ইউনিভাৰ্ছ প্ৰতিযোগীতাৰ বাবে আশীৰ্বাদ বিচাৰিছে গড়চুকৰ বিজু বড়োৰ লগতে গোলাপ ৰাভাই ।