বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ২২ নৱেম্বৰ: নগাওঁ জিলাৰ বিভিন্ন ঠাইৰ লগতে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কদমণি গাওঁ পঞ্চায়তত কংগ্ৰেছ দলে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে। বৃহস্পতিবাৰে কদমণিৰ হুছেইন মাৰ্কেটত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত কাৰ্যালয় উদ্বোধন কৰি প্ৰাক্তন শিক্ষামন্ত্ৰী গৌতম বৰাই কয় যে বিজেপি চৰকাৰে মানুহক সপোন দেখুৱাইছে। এতিয়া এই সপোন বোৰ সাধাৰণ জনতাই বুজি পাইছে। প্ৰতিজন দৰিদ্ৰ লোকৰৰ বেংক একাউণ্টত ১৫লাখকৈ টকা দিয়াৰ কথা কৈছিল। কিন্তু সেইয়া জানোঁ হৈ উঠিল। তেওঁ ইউডিএফক কটাক্ষ কৰি কয় যে নিৰ্বাচন আহিলেহে আজমল চাহাবৰ ৰাইজলৈ মনত পৰে। সংখ্যালঘু উন্নয়নৰ কথা ভবা এইজনলোকে এই পঞ্চায়তত কি কৰিব পাৰিব সাধাৰণ জনতাৰ কাৰণে। তেওঁ আৰু কযে যে বিজেপি চৰকাৰখনে বৰ্তমান ৰাইজক সপোনহে দেখুৱাইছে। ব্লক উন্নয়নৰ বাবে এতিয়া টকা নাই। কিমান উন্নয়ন কৰিছে সেইয়া ৰাইজে বুজি পইছে এতিয়া। নাগৰিকত্ব সংশোধনী বিধেয়ক খন বলৱৎ কৰাত আমি পূৰ্ণ বিৰোধীতা কৰি আহিছো।১৯৭১ চনৰ ২৪মাৰ্চৰ আগতেই অসমলৈ যিসকল আহিছে সেইসকল অসমত থাকিব পাৰিব ।কাৰ্যালয় উদ্বোধনী সভাখনত পঞ্চায়তটোৰ সভানেত্ৰী পদৰ প্ৰাৰ্থী হালিমা খাতুন উপস্থিত থাকি কয় যে,কদমনি পঞ্চায়তত এইবাৰ ৰাইজে কংগ্ৰেছক দুগুণ উৎসাহেৰে আকোৱালি লৈছে।এইবাৰ বিজেপি চৰকাৰখনে উন্নয়নৰ নামত যি কৰিলে সেয়া ৰাইজে সহজেই বুজি পাইছে ৷ ফলত পঞ্চায়তটোত এইবাৰ এ আই ইউ ডি এফ অগপ,বিজেপক প্ৰতিহত কৰি পঞ্চায়তটোত কংগ্ৰেছৰ বতাহ বলিছে ৷অবশ্যে সেয়া সময়েহে কব ৷