গুৱাহাটী, সংবাদ ৩৬৫, ২৩ নৱেম্বৰ: দীপৰ বিলৰ পক্ষী অভায়াৰণ্যলৈ নামি আহিছে এক ভয়াবহ সংকট । বিষাক্ত কীটনাষক খাদ্য খায় মৃত্যু হোৱা গৰু আৰু গাহৰি পশুৰ মাংস ভক্ষণ কৰি আক্ৰান্ত হৈছে পক্ষী। কেইবাটাও হাড়গিলা পক্ষীক ইতিমধ্যে বন্যপ্ৰাণী সংৰক্ষণ বিভাগৰ কৰ্মী সকলে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে । বিলখনৰ পশ্চিম প্ৰান্তৰ বিভিন্ন স্থানত বহু মৃত জন্তু, গৰু,গাহৰি পৰি আছে । যদি এই মৃত জন্তুৰ মাংস খায় তেতিয়াহলে পক্ষী কুললৈ নামি আহিব ভয়াবহতা । ইতিমধ্যে বহু পক্ষী আক্ৰান্ত হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। বন বিভাগে মৃত জন্তু বোৰ পুতি থোৱাৰ কোনো ব্যৱস্থা এতিয়ালৈ গ্ৰহণ কৰা নাই । বিলৰ পাৰৰ ৰাইজে অভিযোগ কৰে যে কোনোবা অসৎ লোকে খেতি পথাৰত বিষাক্ত দ্ৰব্য সিচি দিয়াৰ ফলত মৃত্যুমুখত পৰে ৫ জনী গৰু আৰু প্ৰায় ১০টি গাহৰি । যাৰ ফলত সংকিত হৈ পৰিছে আজাৰা হীৰাপাৰাৰ কৃষক । এই ক্ষেত্ৰত তপন মহন্ত, নিপেন দাস আৰু গোলোক দাস নামৰ লোককেইজনৰ বিৰুদ্ধে আজাৰা আৰক্ষী থানাত এজাহাৰও দাখিল কৰে স্থানীয় লোকে। আনহাতে ঘটিনাস্থলীত আজাৰা আৰক্ষী উপস্থিত এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।