গুৱাহাটী, সংবাদ ৩৬৫, ২২ ডিচেম্বৰ: শনিবাৰে মহানগৰীত আৰম্ভ হল টি-ছিৰিজৰ প্ৰথমতো শৈক্ষিক শাখা। নীতা শৰ্মাৰ নেতৃত্বত ড্ৰীম হাউচ প্ৰডাকশ্যনৰ সৈতে সংযোজিত হৈ টি-ছিৰিজৰ ষ্টেজৱৰ্কছ একাডেমীয়ে প্ৰথমটো শাখা আৰম্ভ কৰে। গুৱাহাটীৰ জুৰোডস্থিত গুৱাহাটী চেণ্ট্ৰেলৰ ৫ম মহলাত প্ৰায় ১৫০০০ বৰ্গফুটত মুকলি কৰা হৈছে এই শাখা। শনিবাৰে অনুষ্ঠিত হোৱা এক মুকলি অনুষ্ঠানত উপস্থিত থাকে টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমীৰ সঞ্চালিকা সুদেশ দুৱা, জনপ্ৰিয় সংগীত শিল্পী তুলসী কুমাৰ, অসমীয়া ছবি জগতৰ ভালেমান লোকৰ লগতে সংগীত পৰিচালক ভূপেন উজীৰ আৰু প্ৰবীণ অভিনেতা নিপন গোস্বামী। টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমীয়ে শনিবাৰে গুৱাহাটীত ঘোষণা কৰিলে ইয়াৰ উত্তৰ-পূৱৰ বাবে লৈ অহা বিভিন্ন কাৰ্যাৱলী তথা পৰিকল্পনাৰ বিষয়ে। উত্তৰ-পূৱৰ প্ৰতিভাবান ছাত্ৰ-ছাত্ৰী সকলকৰ বাবে বিভিন্ন বিভাগ ক্ৰমে কণ্ঠশিল্পী, অভিনয়, নৃত্য, মডেলিং, বাদ্যযন্ত্ৰ সংগীত আৰু ফটোগ্ৰাফীৰ উন্নত মানৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে টি -ছিৰিজ ষ্টেজৱৰ্কছ একাডেমীয়ে প্ৰথমটো শাখা আৰম্ভ কৰে। উল্লেখযোগ্য যে ভাৰতৰ শীৰ্ষস্থানীয় মিউজিক লেবেল আৰু প্ৰডাকশ্যন হাউচ টি-ছিৰিজে ইতিমধ্যেই ইয়াৰ টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমীৰ মাধ্যমেৰে শৈক্ষিক ক্ষেত্ৰতো সবল খোজ পেলাইছে। টি-ছিৰিজৰ সঞ্চালিকা সুদেশ দুৱা, জনপ্ৰিয় সংগীত শিল্পী তথা সঞ্চালিকা তুলসী কুমাৰ আৰু টি-ছিৰিজ ষ্টেজৱৰ্কছ একাডেমীৰ সঞ্চালক হিতেশ ৰালহানৰ নেতৃত্বত এই শিক্ষা প্ৰতিষ্ঠানে সমগ্ৰ দেশজুৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।