মিৰ্জা, সংবাদ ৩৬৫, ২২ ডিচেম্বৰ: দৈনিক পেট্ৰল-ডিজেলৰ অধিক মূল্যবৃদ্ধিয়ে গ্ৰাহকক জুৰুলা কৰাৰ সময়তে গ্ৰাহকক চৰম প্ৰতাৰণা কৰি আহিছে দক্ষিণ কামৰূপৰ মিৰ্জাৰ বৰকুচিস্থিত এইচ পি তেল ডিপুটোৱে। উক্ত তেল ডিপুটোত পেট্ৰল-ডিজেলৰ পৰিৱৰ্তে ওলায় গাখীৰ জাতীয় পদাৰ্থ। শনিবাৰে বিয়লি এজন যুৱকে এখন চাৰিচকীয়া বাহনত তেল ভৰাওতে পোহৰলৈ আহে সমগ্ৰ ঘটনাটোৰ তথ্য। ঘটনা অনুসৰি যুৱকজনে তেওৰ গাড়ীত ২১০০ টকাৰ তেল ভৰাই অলপ দুৰ অতিক্ৰম কৰোতেই হঠাৎ বন্ধ হৈ পৰে গাড়ীখনৰ ইঞ্জিন। পাছত যুৱকজনে গাড়ীখন পুনৰ সক্ৰিয় কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয় । তাৰ পিছত আন এজন গ্ৰাহকে ডিপুটোত তেল ভৰাব আহোতে বটলৰ ভিতৰত তেল ভৰাই। আৰু তেতিয়াই পোহৰলৈ আহে সমগ্ৰ দৃশ্য যে তেলৰ লগত মিশ্ৰণ হয় অন্য পদাৰ্থ। এনেকৈয়ে গ্ৰাহকক প্ৰতাৰণা কৰি আহিছে মিৰ্জাৰ বৰকুচিস্থিত তেল ডিপুটোৱে। আনহাতে এই ঘটনা তেলডিপুটোৰ মেৰামতিৰ বাবেহে হোৱা বুলি জনায় তেলডিপু কৰ্তৃপক্ষই। ডিপুটোৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল’বলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় ভুক্তভোগী যুৱকজনে।