বৰপেটা, সংবাদ ৩৬৫, ২২ ডিচেম্বৰ: শনিবাৰে বৰপেটা জিলাৰ কাশিমপুৰ গাঁৱৰ বাছিৰণ নেছাই নামৰ এগৰাকী মহিলা জালনোটসহ গ্ৰেপ্তাৰ হয়। ২৬খন জালনোট কলা পলিথিনত মেৰিয়াই গোপনে কাছুমাৰা বজাৰৰ ব্যৱসায়ী এজনৰ ঘৰত থোৱাৰ সময়তে হাতে লোটে আটক হয় ধৃত মহিলা গৰাকী। মহিলা গৰাকীৰ হাতৰ পৰা আৰক্ষীয়ে ১০ টকা-১০ খন,২০ টকা-৯ খন ,৫০ টকা-৪ খন ,১০০ টকা-২ খন আৰু ২০০ টকাৰ নোট -১ খন মুঠ ৮৮০ টকা আটক কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি কাছুমাৰা বজাৰৰ ব্যৱসায়ী শ্বৰীফ উদ্দিনক নামৰ লোকজনক জালত পেলোৱাৰ উদ্দেশ্যে মহিলা গৰাকীয়ে জাল নোট সমূহ এটা কলা পলিথিনত ভৰাই শ্বৰীফ উদ্দিনে থকা ঘৰৰ বিছনাৰ কাষত গোপনে থৈ দিয়ে। আৰু পলিথিনটো থোৱাৰ সময়তে শ্বৰীফৰ পত্নী আৰু কন্যাই পলিথিনটো খুলি চায় দেখে যে পলিথিনটোৰ মাজত কলা টকা ৷ তাৰ পাছত শ্বৰীফৰ পত্নী কন্যা দুয়োটাই চিঞৰ বাখৰ কৰে আৰু লগে লগে শ্বৰীফৰ লগতে স্থানীয় ৰাইজ আহি প্ৰত্যক্ষ কৰে উক্ত পলিথিনটো। পলিথিনটোৰ মাজত কলা ৰঙৰ টকা দেখি মহিলা গৰাকীক অৰ্থাৎ বাছিৰন নেছাক সোধ পোছ কৰাত ধৃত মহিলা গৰাকীয়ে পলিথিনটো থোৱা বুলি স্বীকাৰ কৰে ৷ পাছত আৰক্ষীয়ে আহি টকাসহ মহিলা গৰাকীক থানালৈ লৈ যায়। কোনোবা দুষ্ট চক্ৰই শ্বৰীফৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি জালত পেলাবলৈ মহিলা গৰাকীক ব্যৱহাৰ কৰা বুলি অভিযোগ কৰিছে শ্বৰীফে। উক্ত ঘটনা সংক্ৰান্তত আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে শ্বৰীফ উদ্দিনে। সম্প্ৰতি মহিলা গৰাকী ৰঙা ঘৰৰ আলহী।