গুৱাহাটী, সংবাদ ৩৬৫, ১৭ এপ্ৰিল : মৰিগাঁও জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ কেইবাজনো সাংবাদিক কোৱাৰানটানলৈ গৈছে। কৰুণা ভাইৰাছ আক্রান্ত ব্যক্তিৰ সংস্পর্শলৈ অহাৰ বাবে জিলাখনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে কেইবাজনো সাংবাদিক কোৱাৰানটানলৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল স্বাস্থ্য বিভাগে। লাহৰীঘাট মডেল হাস্পাতালৰ কোৱাৰানটান কেন্দ্ৰত সাংবাদিক সকল কোৱাৰানটানলৈ যোৱাৰ পৰিবৰ্তে হ’ম কোৱাৰানটানলৈ গৈছে উপায়ুক্ত, আৰক্ষী অধীক্ষক।

বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ দুজনকৈ ব্যক্তিৰ শৰীৰত কভডি-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জিলাখনত। ইয়াৰে এজন কভডি-১৯ কৰ’ণা ভাইৰাছ আক্রান্ত ব্যক্তিৰ সংস্পৰ্শলৈ মৰিগাঁৱৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু সাংবাদিক অহাৰ কথা পোহৰলৈ অহাৰ পিছত হাহাকাৰৰ সৃষ্টি হৈছে জিলাখনত। বৃহস্পতিবাৰে মৰিগাঁও জিলাত কভিড-১৯ কৰুণা ভাইৰাছত আক্রান্ত হোৱা লোক দুজনৰ ভিতৰত এজন হৈছে ছামছুল আলম। জানিবলৈ পোৱা মতে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত ছামছুল আলমৰ সংস্পৰ্শলৈ আহিছিল মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডঃ ৰোহিণী বৰকটকীৰ লগতে কেইবাজনো সাংবাদিক।

উল্লেখ্য যে, কভিড-১৯ কৰুণা ভাইৰাছত আক্রান্ত মৰিগাঁও জিলাৰ দুয়োগৰাকী লোকে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তাবলীগী জামাতত অংশগ্ৰহণ কৰিছিল। আক্রান্ত ব্যক্তি দুজনৰ এজন লাহৰী ঘাট ৰ টেঙাগুৰিৰ ৭২ বছৰীয়া ছামছুল আলম আৰু আনজন ব্যক্তি জাগীৰোডৰ শ্ৰেণীমাৰীৰ ২৫ বছৰীয়া ফুলকান আলী।