গুৱাহাটী

২৪ ছেপ্টেম্বৰ

যোৱা ২০ ছেপ্তেম্বত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ হৈছে জলসিঞ্চন বিভাগৰ কৰ্মচাৰী যুগনী ব্ৰহ্ম। যুগনী ব্ৰহ্ম গ্ৰেপ্তাৰ হোৱাৰ পিছতে এই ঘটনাৰ লগত জড়িত এটাৰ পিছত আনটো ব্যক্তি পৰিবলৈ ধৰিছে আৰক্ষীৰ জালত। আনকি প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ লগত সাঙোৰ খাইছে বিজেপিৰ নেতা দিবন ডেকা আৰু প্ৰাক্তন আৰক্ষী উপ-মহাপৰিদৰ্শক প্ৰশান্ত দত্তৰ নাম।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাৰ তদন্ত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই অধিক তীব্ৰতৰ কৰি বুধবাৰে প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত এটা বৃহৎ চক্ৰক উৎখাত কৰে। অভিযানকাৰী আৰক্ষীৰ দলটোৱে গুৱাহাটীৰ জ্যোতিনগৰৰ কৈলাশপুৰৰ পৰা প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত মূল অভিযুক্ত সঞ্জীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লগতে মহানগৰীৰ গণেশগুৰিৰ থেংকিউ লজতো অভিযান চলাই লাজৰ পৰা আন ছয়জনকৈ লোককো আটক কৰে। থেংকইউ লজত অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ আগতীয়াকৈ অনুষ্ঠিত কৰা ঘটনাৰ লগত জড়িত থকাৰ বাবে থেংকিউ লজৰ চাৰি স্বত্বাধিকাৰী ক্ৰমে অলকেশ বৈশ্য, প্ৰাঞ্জল শৰ্মা, বিমল থাপা আৰু প্ৰণৱ বৰাক আৰক্ষীয়ে আটক কৰে।

আৰক্ষীৰ তদন্ত যিমানেই আগবাঢ়িছে সিমানেই ন ন তথ্য পোহৰলৈ অহাৰ লগতে এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত বহু ব্যক্তিৰ নামৰ সাঙোৰ খাইছে। বিশেষকৈ বিজেপি নেতা দিবন ডেকা আৰু প্ৰাক্তন আৰক্ষী উপ-মহাপৰিদৰ্শক প্ৰশান্ত দত্ত এই সমগ্ৰ ঘটনাৰ মূল অভিযুক্তৰ বুলি বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাই আছে। প্ৰাক্তন আৰক্ষী উপ-মহাপৰিদৰ্শক প্ৰশান্ত দত্ত আৰক্ষীৰ উপ-পৰিদৰ্শকৰ চাকৰিৰ নামত ব্যাপক ধনৰ লেনদেনৰ লগত জড়িত থকাৰ কথা পোহৰলৈ অহাৰ পিছত আৰক্ষীয়ে প্ৰশান্ত দত্তৰ বাসগৃহৰ লগতে হোটেল ভাৰ্গৱ, ভাৰ্গৱ ইন আৰু ভাৰ্গৱ গ্ৰেণ্ডত অভিযান চলায়। জানিব পৰা মতে প্ৰাক্তন আৰক্ষী উপ-মহাপৰিদৰ্শক প্ৰশান্ত দত্তৰ হেঙেৰাবাৰীস্থিত বাসগৃহৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰাৰ বিপৰীতে প্ৰশান্ত দত্তৰ হোটেল ভাৰ্গৱ, ভাৰ্গৱ ইন আৰু ভাৰ্গৱ গ্ৰেণ্ডত পুৱতি নিশা ৩ বজালৈকে আৰক্ষীয়ে অভিযান চলায়। প্ৰশান্ত দত্ত বৰ্তমান পলাতক অৱস্থাত আছে।

ইফালে এই ঘটনাৰ অন্য এজন অভিযুক্ত বিজেপি নেতা দিবন ডেকাই এক ফেচবুক পোষ্টৰ জড়িতয়ে অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ বহু বিস্ফোৰক তথ্য দাঙি ধৰিছে। দিবন ডেকাই নিজৰ ফেচবুক পোষ্টত লিখিছে যে অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষা অনুষ্ঠিত কৰা কোম্পানীৰ লগত তেওঁ জড়িত আছিল। বিজেপি নেতা গৰাকীয়ে লগতে লিখিছে যে প্ৰশ্নকাকত ফাদিল কৰা চক্ৰটোত বহুত ডাঙৰ ডাঙৰ মানুহৰ লগতে অসম আৰক্ষীৰ বহু কেইজন অসৎ আৰক্ষী বিষয়াও জড়িত হৈ আছে। গুপ্তহত্যাৰ লগত জড়িত এজন আৰক্ষী বিষয়াও এই কাণ্ডৰ লগত জড়িত থকাৰ কথাও প্ৰকাশ কৰিছে বিজেপি নেতা দিবন দত্তই। বৰ্তমান বিজেপি নেতা দিবন দত্তও পলাতক অৱস্থাত আছে যদিও আৰক্ষীৰ তদন্তত প্ৰশ্নকাকত ফাদিল ঘটনাৰ লগত বহু ৰৌ-বৰালি জালত পৰাৰ সম্ভাবনা আছে।