আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৪ ছেপ্টেম্বৰ

শিৱসাগৰত পুৱাই সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰ বেগী টাটা মেজিকৰ খুন্দাত থিতাতে নিহত হ’ল দুই ছাত্ৰ৷ শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আখৈফুটীয়া চাৰিআলিৰ সমীপৰ এছাৰ পেট্ৰল পাম্পৰ সন্মুখত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।

পুৱাৰ ভাগতে সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত নিহত হোৱা ছাত্ৰ দুজন ক্ৰমে তন্ময় দাস আৰু মাধৱজ্যোতি চেতিয়া বুলি জানিব পৰা গৈছে৷ শুকানপুখুৰীৰ নিৱাসী মাধৱজ্যোতি চেতিয়া দশম শ্ৰেণীত অধ্যয়নৰত আৰু চৰগুৱাৰ নিৱাসী তন্ময় দাস একাদশ শ্ৰেণীত অধ্যয়ণৰত৷ ছাত্ৰ দুজন আখৈফুটীয়াৰ দিশৰ পৰা ঘাইপথহৈ ডিব্ৰুগড অভিমুখে এখন নম্বৰ প্লেট বিহীন বাজাজ বাইকেৰে গৈ থকাৰ সময়তেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা৷ দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা মেজিকখন পলায়ন কৰে যদিও ৰাইজৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে মেজিকখনৰ নম্বৰৰ লাভ কৰি মেজিকখন বিচাৰি অভিযান তীব্ৰতৰ কৰি তুলিছে৷

উল্লেখ্য যে সম্প্ৰতি ঘাটক চাৰিআলিলৈ পৰিণত হোৱা আখৈফুটীয়া চাৰিআলিত এটা সপ্তাহৰ পুৰ্বে সংঘটিত হোৱা আন এক পথ দুৰ্ঘটনাত অনুপ হাজৰিকা নামৰ অন্য এজন ১৮ বছৰীয়া যুৱকৰ মৃত্যু হৈছিল। স্মৰ্তব্য যে উক্ত কেকুৰী সৰ্দৃশ অঞ্চলটোত থকা খাদ্য নিগমৰ ভৰাললৈ অহা বৃহৎ বৃহৎ ট্ৰাক সমুহৰ বাবেই সঘনাই সৃষ্টি হৈ আহিছে এক কৃত্ৰিম যান জঁটৰ৷ সচেতন ৰাইজে উক্ত অঞ্চলটোত গতিৰোধক নথকাৰ বাবেই সঘন এনে দুৰ্ঘটনা ঘটিছে বুলি অভিযোগ কৰিছে৷