আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ 

২৪ ছেপ্টেম্বৰ

শিৱসাগৰত পুণৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷ মহিলাৰ হাতৰ পৰা দিনদুপৰতে দুই বাইক আৰোহীয়ে লুটি নিলে ৫০ হাজাৰ টকা।

শিৱসাগৰ আৰক্ষীৰ কঠোৰ নিৰপত্তাক ভেঙুচালী কৰি দিনদূপৰতে দুই দুৰ্বৃত্বই লুটি লৈ গ’ল ৫০ হাজাৰ টকা৷ বলিয়াঘাটৰ নিৱাসী লিলী দাস নামৰ এগৰাকী মহিলাই শিৱসাগৰৰ নগৰৰ ইণ্ডিয়ান বেংকৰ পৰা নগদ ৫০ হাজাৰ টকা উলিয়াই অনাৰ সময়তেই দলমুখ চাৰিআলিত সংঘটিত হয় এই ভয়ংকৰ লুটপাতৰ ঘটনা৷ পালচাৰ বাইকত অহা দুজনীয়া ডকাইতৰ দলটোৱে মহিলাগৰাকীৰ পৰা নগদ ধনৰ লগতে দুখন পাচবুক, মবাইল ফোন, অএনজিচিৰ চিকিৎসাৰ বহীও লুটি নিয়ে৷ উল্লেখ্য যে বিগত ১৫ চেপ্টেম্বৰৰ দুপৰীয়াও একেটা বেংকৰ পৰা ধন উলিয়াই অনা আৱেদ উল্লাহ নামৰ এগৰাকী শিক্ষকৰ পৰাও উক্ত ডকাইতৰ দলটোৱে কাঢ়ি নিছিল এক লাখ টকা৷

ঘটনাৰ সন্দৰ্ভদ ভূক্তভোগী মহিলা গৰাকীয়ে সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে ডকাইতৰ দলটোৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷