বৰহাটৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ১৬ জানুৱাৰীঃ  চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট চাহ বাগিছাত মঙ্গলবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাপেখাতী শাখাই আৰু বৰহাট উপশাখাই তিনিঘন্টীয়া পথ অৱৰোধ কাৰ্য্যসূচী ৰূপায়ন কৰে । বৰহাট আৰক্ষী থানাৰ পৃষ্ঠপোষকতাত আৰু বৰহাট বাগিছা গাওঁৰক্ষী বাহিনীৰ সহযোগত অনুস্থিত কৰা সংস্কৃতি ৰক্ষাৰ নামত কুকুৰা যুঁ‌জৰ গইনা লৈ এচামে অবাধ গতিত জুৱা আৰু মদৰ ৰমৰমীয়া বেহা চলাই আহি সামাজিক ও শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি আহিছে। যোৱা ১৫ জানুৱাৰী তাৰিখে বৰহাট চাহ বাগিছাস্থিত কুকুৰা যুঁ‌জস্থলীত সন্তোষ সোনা নামৰ এজন যুৱকক নৃশংসভাৱে হত্যা কৰাক কেন্দ্ৰ কৰি মঙ্গলবাৰে বৰহাট চাহ বাগিছাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাপেখাতী শাখাই আৰু বৰহাট উপশাখাই তিনিঘণ্টীয়া ধোদৰ আলি অৱৰোধ কাৰ্য্যসূচী হাতত লয়। প্ৰাপ্ত তথ্যমতে যোৱা ৩ নৱেম্বৰ ২০১৭ তাৰিখে চৰাইদেউ জিলাৰ উপায়ুক্ত তথা জিলা আৰক্ষী অধিক্ষকক এনে জুৱা তথা কুকুৰা যুঁ‌জ বন্ধ কৰাৰ দাবীত সাপেখাতী শাখা তথা বৰহাট উপশাখাই স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পিছতো প্ৰশাসনৰ বিভাগীয় কতৃপক্ষই কোনো ধৰণৰ পদক্ষেপ নকৰাৰ বাবেই ১৫ জানুৱাৰী তাৰিখে এজন যুৱকে মৃত্যুক সাৱটিব লগা হ’ল বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে অৱৰোধকাৰীয়ে। জিলা প্ৰশাসন মূৰ্দাবাদ, অসম আৰক্ষী গৌ বেক, অসম চৰকাৰ হায় হায়, “চৰাইদেউ জিলাত চলি থকা কুকুৰা যুঁ‌জ বন্ধ কৰক শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে অৱৰোধকাৰীয়ে। ভাৰতীয় চাহ শ্ৰমিক সংঘৰ বৰহাট বাগিছা গোট আৰু অসম চাহ জনজাতি ছাত্ৰসন্থাই চৰাইদেউ জিলা নিৰ্বাচনী বিষয়া সুলক্ষণা বৰপাত্ৰগোঁ‌হাইক দুখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে।