গুৱাহাটী

১৪ ছেপ্টেম্বৰ

সোমবাৰে আছু-অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুন আঞ্চলিক ৰাজনৈতিক দল ঘোষণা কৰা হ’ল। ‘অসম জাতীয় পৰিষদ’ নামেৰে নামাকৰণ কৰা হ’ল নতুন আঞ্চলিক ৰাজনৈতিক দলটোৰ। ৰাজ্যৰ সকলো জনগোষ্ঠীৰ প্ৰতিনিধি থাকিব দলটোত।

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত গঠন হ’ল আছু-অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক ৰাজনৈতিক দলৰ। সোমবাৰে অসম জাতীয় পৰিষদ’ নামৰ নতুন আঞ্চলিক ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ ঘটালে আছু-অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। নতুন আঞ্চলিক দলটোত ৰাজ্যৰ সকলো জনগোষ্টীৰ প্ৰতিনিধিৰ লগতে যুৱ প্ৰজন্মক প্ৰাধান্য প্ৰদান কৰা হ’ব। আছু-অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুন আঞ্চলিক ৰাজনৈতিক দলটোত সদস্য ভৰ্তিৰ প্ৰক্ৰিয়া মঙলবাৰৰ পৰা আৰম্ভ হোৱাৰ পৰিবৰ্তে দলটোৰ সকলো প্ৰক্ৰিয়া অক্টোবৰ মাহৰ ভিতৰত সম্পন্নন কৰা হ’ব। নৱেম্বৰ মাহত দলটোৰ ৰাজ্যিক পূৰ্ণাংগ কমিটি গঠন কৰা হ’ব।

আছু-অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুন আঞ্চলিক ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদে’ ইতিমধ্যে ৰাজ্যৰ ২৫ খন জিলাত সমিতি গঠনৰ কাম আৰম্ভ কৰিছে। আছু-অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা কিছু নেতা ওলাই আহি নতুন আঞ্চলিক ৰাজনৈতিক দলটোত যোগদান কৰিব।