ছয়গাঁও 

১৪ ছেপ্টেম্বৰ

ছয়গাঁৱৰ বাংকাকাটাত অবৈধভাৱে চলি থকা ইটাভাটা সমূহ উচ্ছেদ কৰাৰ দাবীত সহাস্ৰাধিক পুৰুষ মহিলাৰ প্ৰতিবাদী সমদল। জিলা প্ৰশাসনক অবৈদভাৱে চলি থকা ইটাভাটা সমূহ বন্ধ কৰাৰ বাবে কেইবাবাৰো অনুৰোধ জনোৱাৰ পিছতো কোনোধৰণৰ সুফল নাপাই অৱশেষত ওলাই আহিল ৰাইজ।

হাতে হাতে প্লে কাৰ্ড লৈ বৃহত্তৰ বাংকাকাটা গাঁওখনৰ মাজেৰে প্ৰতিবাদী সমদলটো পৰিভ্ৰমণ কৰি ইটা ভাটা বন্ধ কৰক, কৃষিভূমি সুৰক্ষা দিয়ক, ইটাভাটাৰ নামত দালালৰাজ নচলিব, প্ৰকৃতিক সুৰক্ষা দিয়ক, আমাক জীয়াই থাকিবলৈ দিয়ক, অবৈধ ইটাভাটাৰ মালিক হুচিয়াৰ, বাংকাকাটাৰ পৰিৱেশ ৰক্ষা কৰক, ইটাভাটাৰ নামত মাটিৰ বেদখল বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে অঞ্চলটোৰ পৰিৱেশ৷ প্ৰতিবাদী সমদলটোৱে প্ৰথমে বাংকাকাটা জয়নাৰায়ণ প্ৰাথমিক বিদ্যালয়ত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি তাৰ পিচত গাঁওখনৰ ওচৰতে স্থাপন কৰা তমিজ আলী নামৰ লোকজনৰ ইটাভাটালৈ গৈ ইটাভাটাটো বন্ধ কৰাৰ দাবীত বিভিন্ন শ্ল’গান দিয়ে৷ তাৰ পিচতেই সমদলটোৱে দক্ষিণ বাংকাকাটাত থকা ইটাভাটা সমূহৰ ওচৰলৈ গৈ তাত থকা অবৈধ ইটাভাটা সমূহ বন্ধ কৰাৰ দাবীত বিভিন্ন শ্ল’গান দিয়ে৷ বাংকাকাটা বি আৰ এফ নামৰ সংগঠনটোৰ উদ্যোগত উলিওৱা এই প্ৰতিবাদী সমদলটোত উত্তৰ বাংকাকাটা, দক্ষিণ বাংকাকাটা, বালাগাঁও কোচপাৰা, জামুগুৰি আদি অঞ্চলৰ সহাস্ৰাধিক লোকে অংশগ্ৰহণ কৰাৰ লগতে জাতীয় সেনাৰ সভাপতি নয়নমণি শালৈৰ লগতে কেইবাগৰাকী সদস্যই অংশগ্ৰহণ কৰে৷ উল্লেখযোগ্য যে বৃহত্তৰ বাংকাকাটা অঞ্চলত তিনিটা চিমনিভাটা থকাৰ লগতে কেইবাটাও বাংলাভাটা ইটাৰ ভাটা আছে৷ ইয়াৰে প্ৰায়কেইটাই ইটাভাটাই অবৈধ বুলি ৰাইজে অভিযোগ কৰিছে৷ ইটাভাটা কেইটাই অঞ্চলটোৰ পৰিবেশ দূষিত কৰা বুলিও ৰাইজে অভিযোগ কৰিছে৷ প্ৰতিবাদকাৰী সকলে অভিযোগ কৰামতে তমিজ আলী নামৰ লোকজনৰ নামত থকা চিমনি ভাটাটোৰ নামত তমিজ আলীয়ে ওচৰতে থকা সাততালুক পঞ্চায়তৰ এটি বিলৰ বহুসংখ্যক মাটি বেদখল কৰিছে৷ তমিজ আলীয়ে বিলটোৰ বহু মাটি পুতি পেলোৱাৰ লগতে তাৰ মাটি খান্দি ইটাভাটাটোত ব্যৱহাৰ কৰা বুলিও স্থানীয় ৰাইজে জানিবলৈ দিয়ে। জানিব পৰা মতে লোকজন অগপ দলটোৰ এজন নেতা হোৱাৰ লগতে গুমি বাংকাকাটা গাঁও পঞ্চায়তৰ সভাপতি হোৱাৰ সুবাদতে দাদাগিৰী কৰি বাংকাকাটা জয়নাৰায়ণ প্ৰাথমিক বিদ্যালয়খনৰ পাঁচ বিঘা মাটি ইটাভাটাটোৰ নামত বেআইনীভাৱে ব্যৱহাৰ কৰিছে৷ অৰ্থাৎ বিদ্যালয়ৰ নামত থকা খেল পথাৰখনৰ মাটি খান্দি ইটাভাটাৰ নামত ব্যৱহাৰ কৰি আছে৷ প্ৰতিবাদকাৰী সকলে অভিযোগ কৰামতে বাংকাকাটাত এনেদৰে গাৰ জোৰেৰে অবৈধভাৱে ইটাভাটা চলাই থকা মালিক সকলৰ লগত প্ৰশাসনৰ গোপন বুজাবুজি আছে৷ প্ৰতিবাদকাৰী সকলে বাংকাকাটাত এনেদৰে অবৈধভাৱে স্থাপন কৰা ইটভাটা সমূহ বন্ধ কৰিবলৈ ছয়গাঁও চক্ৰ বিষয়া আৰু জিলা উপায়ুক্তৰ ওচৰত ইতিমধ্যে কেইবাবাৰো লিখিত অভিযোগ কৰাৰ পিচতো প্ৰশাসনে ইটাভাটা সমূহ বন্ধ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰে। প্ৰতিবাদকাৰী সকলে অতিশীঘ্ৰে বাংকাকাটা অঞ্চলত অবৈধভাৱে চলি থকা ইটাভাটা সমূহ বন্ধ কৰিবলৈ প্ৰশানৰ ওচৰত দাবী জনাইছে৷

আনহাতে ছয়গাঁৱৰ স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদে ছয়গাঁৱত অবৈধভাৱে চলি থকা ইটাভাটা সমূহ বন্ধ কৰাৰ বাবে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি এক অনুষ্ঠানত অংশগ্ৰহণ কৰি জানিবলৈ দিয়ে৷ ছয়গাঁৱত চাইৰেন বাবু নামে খ্যাত ৰাজনৈতিক নেতা গৰাকীৰ চত্ৰছায়াতে এনেদৰে অবৈধভাৱে ইটাভাটা সমূহ চলি আছে বুলি বিধায়ক গৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷