গোপাল প্ৰসাদ

কোকৰাঝাৰ

১৪ ছেপ্টেম্বৰ

মহামাৰী কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে বি টি চিৰ সক্ৰিয় নেতাৰ পুত্ৰৰ। খাম্ফা বৰগয়াৰীৰ পুত্ৰ মুডা বৰগয়াৰীৰ নেতৃত্বত কৰ’ণা ভাইৰাছৰ ৰোধৰ বাবে সজাগতামূলক বাটৰ নাট।

বিশ্বজুৰি কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে অসমতো প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাই আছে মাৰাত্মক কৰ’ণা ভাইৰাছৰ সংক্ৰমণ। প্ৰতিদিনে ৰাজ্যত ন ন লোক আক্রান্ত হৈ আছে কৰুণা ভাইৰাছৰ দ্বাৰা। বড়ো ভূমিত বৰ্তমান নিৰ্বাচনী গৰম বতাহৰ মাজতে কৰ’ণা ভাইৰাছে চলাই গৈছে তাণ্ডৱ। বি টি এ ডি ত দিনক দিনে কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা।

চৰকাৰ তথা প্ৰশাসনে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ৰাইজৰ মাজত সজাগতা সৃষ্টি অব্যাহত ৰাখিছে যদিও বিভিন্ন সময়ত চৰকাৰে কৰ’ণা ভাইৰাছ ৰোধৰ সন্দৰ্ভত বান্ধি দিয়া নীতি নিৰ্দেশনা ৰাইজে ভংগ কৰি অহা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে বি পি এফ দলৰ নেতা খাম্ফা বৰগয়াৰীৰ পুত্ৰ মুডা বৰগয়াৰীয়ে বি টি চিত কৰ’ণা ভাইৰাছ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ অভিযান চলাই গৈছে।

খাম্ফা বৰগয়াৰীৰ পুত্ৰ মুডা বৰগয়াৰীয়ে বাটৰ নাটৰ জৰিয়তে ৰাইজৰ মাজত কৰ’ণা ভাইৰাছ সন্দৰ্ভত সজাগতা সৃষ্টিৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। দশম শ্ৰেণীৰ ছাত্ৰ মুডা বৰগয়াৰীয়ে চিৰাং দুৱাৰ বড়োলেণ্ড ছাত্ৰ সন্থাৰ সহযোগত চিৰাং জিলাৰ ৰুনিখাটাৰ পৰা বাটৰ নাটৰ জৰিয়তে আৰম্ভ কৰিছে এই সজাগতামূলক অভিযান। কৰ’ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে এই সম্পৰ্কে বাটৰ নাটৰ জৰিয়তে ৰাইজক মাজত সজাগতা সৃষ্টি কৰিছে মুডা বৰগয়াৰীয়ে।

বড়োভূমিৰ ৰাইজৰ মাজত কৰ’ণা ভাইৰাছ সন্দৰ্ভত সজাগতা সৃষ্টি বাবে বিভিন্ন অঞ্চলত এই ধাৰা অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে মুডা বৰগয়াৰীয়ে। বাটৰ নাটৰ জৰিয়তে ৰাইজক সজাগ কৰাৰ লগতে দৰ্শকৰ মাজত মাস্ক আৰু হেণ্ড চেনিটাইজাৰো বিতৰণ কৰে যুৱক গৰাকীয়ে।