দৰং, সংবাদ ৩৬৫, ২৮ ডিচেম্বৰ: অসম প্ৰাদেশিক যোগী সন্মিলনীৰ শতবর্ষ উৎসৱ উদযাপন যোৱা ২৭ তাৰিখৰ পৰা আৰম্ভ হয়। এই উৎসব উদযাপনৰ শুকুৰবাৰে ২য় দিনাৰ কাৰ্যসূচী আছিল “সদভাৱনা যাত্ৰা”। শুকুৰবাৰে ৰাতিপুৱাৰ পৰা দৰং জিলাৰ চিপাঝাৰস্থিত কৰ্মযোগী হলীৰাম নাথ চহৰীয়া ক্ষেত্ৰৰ পৰা শোণিতপূৰ জিলাৰ বেচেৰীয়াত অৱস্থিত লম্বোদৰ বৰা ক্ষেত্ৰৰ অভিমুখে ৫ শতাধিক ৰাইজ আৰু প্ৰায় শতাধিক গাড়ী এই সদভাৱনা যাত্ৰাত অংশগ্ৰহণ কৰে। তেওঁলোকৰ যাত্ৰাৰ পথত দৰং জিলাৰ ধূলাত শ্বহীদ বেদী স্তম্ভত শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনায়।। লগতে উক্ত সন্মিলনৰ সভাপতিয়ে ভাষণ ৰাখি সমূহ অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জনায়।