বাঘবৰ, সংবাদ ৩৬৫, ২৯ ডিচেম্বৰ: বৰপেটা চহৰৰ গাতে লাগি থকা ভেৰাগাঁৱৰ চাউলখোৱা চৰৰ মাটি অনৈতিক ভাৱে নিজ স্বাৰ্থ পূৰণৰ বাবে বাহুবলৰে ভেৰাগাঁৱৰ বাসিন্দা জিয়াৰুল, ছাহজাহান আৰু হামিদ আলীয়ে কাটি নিয়াত শংকিত হৈ পৰিছে মথাউৰি কাষৰীয়া শ শ পৰিয়াল। বিগত বছৰতো অনৈতিক ভাবে মাটি কটাৰ ফলত মথাউৰিটোৰ ভিন্ন ঠাইত খহনীয়া হোৱাত স্থানীয় ৰাইজে বাঁহেৰে ভেটা দি কোনোমতে মথাউৰিটো ৰক্ষা কৰে যদিও এই বেলিও পুনৰ কেইবাখনো টেক্টৰ আৰু জে চি বি লগাই বিগত কেইদিনমানৰ পৰা মাটি কাটি নিয়া বাবে বাৰিষাত মথাউৰিটো ছিঙি ৰাইজৰ বিস্তৰ ক্ষতি হোৱাৰ সম্ভাৱনা দেখা গৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে স্থানীয় ৰাইজে মাটি কাটি নিয়া জিয়াৰুল, ছাহজাহান আৰু হামিদ আলীক বাধা দিবলৈ যোৱাত বাধাদিয়া ৰাইজক দলবদ্ধভাৱে শাৰিৰীক প্ৰহাৰ কৰিবলৈ খেদি যায় বুলি গুৰুতৰ অভিযোগ পোৱা গৈছে। ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে ভেৰাগাঁৱৰ কেইজনমান সচেতন যুৱকে মন্দিয়াস্থিত বাঘবৰ ৰাজহ চক্ৰৰ বিষয়াৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। এই ক্ষেত্ৰত বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত গম পোৱা যাব।