কলগাছিয়া, সংবাদ ৩৬৫, ২৮ ডিচেম্বৰ: অসমৰ সকলো জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ সমাহাৰ কৰাৰ উদ্দেশ্য নামনি অসম সাংস্কৃতিক উন্নয়ন মঞ্চৰ উদ্যোগত কলগাছিয়াত ২৭ ডিচেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে নামনি অসম মহোৎসৱ। ২৭ ডিচেম্বৰ বৃহস্পতিবাৰে সন্ধিয়া নামনি অসম মহোৎসৱৰ শুভ উদ্বোধন কৰে মহামান্য উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মেহমুদ প্ৰাশায়দেৱে। শুভ উদ্বোধনৰ পিছতেই পৰিচালনা সমিতিৰ সভাপতি এম নজমুল হকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মেহমুদ প্ৰাশাৰ লগতে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ, বড়ো ৰাইটাৰ একাডেমী আৰু বড়ো সাহিত্য সভাৰ সম্পাদক আনন্দৰাম ওয়াৰী উপস্থিত থাকি ভাষণ দিয়ে।