মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ১১ মাৰ্চ: বৰঝাৰ বিমাবন্দৰৰ সমীপৰ কাচিজানত দেওবাৰে এক বাছ দুৰ্ঘটনাত ১৫ জনকৈ লোক আহত হয়। এএছ-০১-এইচচি-৩৮১০ নম্বৰৰ বাছখন নিয়ন্ত্ৰন হেৰুৱাই ৩৭ নং ৰাষ্টীয় ঘাইপথৰ ওপৰত বাগৰি পৰাত বাছখনৰ থকা ১৫ জনকৈ যাত্ৰী গুৰুত্বৰ ভাবে আহত হয় আৰু ইয়াৰে ৩ জন যাত্ৰীৰ অৱস্থা অতি সংকতজনক বুলি জানিব পৰা গৈছে। স্থানীয়লোকে জানিবলৈ দিয়া মতে বাছখন তীব্ৰবেগেৰে অহাৰ ফলত নিয়ন্ত্ৰন হেৰুৱাই পথতৰ ওপৰতে বাগৰি পৰে। আহত যাত্ৰী সকলক চিকিৎসাৰ বাবে আজাৰা চিকিৎসালয়ত প্ৰেৰণ কৰাৰ বিপৰীতে অতি সংকতজনক ভাৱে আঘাতপ্ৰাপ্ত হোৱা তিনিওজন যাত্ৰীক গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। বছখনত ৪০ জন যাত্ৰী থকা বুলি জানিব পৰা গৈছে আৰু কম বেছি পৰিমানে কেইবাজনো যাত্ৰী আহত হৈছে। বাছখন গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে যাত্ৰা কৰি থাকোতে বাছখন বৰঝাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। পথৰ ওপৰত বাছখন বাগৰি পৰাত পথৰ ওপৰত কিছূসময়ৰ বাবে যানযতৰ সৃষ্টি হয় যদিও পিছত আজাৰা আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে।