গুৱাহাটী, ২৩ ডিচেম্বৰঃ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ গোচৰৰ পৰা মুক্তি লাভ কৰাৰ পিছত পুনৰ অখিল গগৈক গ্ৰেপ্তাৰ কৰা হল। যোৱা ১৩ ছেপ্টেম্বৰৰ পৰা কাৰাগাৰত বন্দী হৈ থকা কৃষক নেতা অখিল গগৈ যাতে কোনো কাৰণতে জামিন লাভ কৰিব নোৱাৰে তাৰ বাবে ছেপ্টেম্বৰ মাহৰ ২৫ তাৰিখে ৰাজ্য চৰকাৰখনে অখিলৰ ওপৰত জাপি দিছিল ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০। ২১ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে দীর্ঘ দিনৰ শুনানি অন্তত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ গোচৰৰ পৰা অখিল গগৈক মুক্ত কৰিছিল যদিও দীনদায়ল উপাধ্যায় মহাবিদ্যালয়ৰ নাম ফলক মচি দিয়াৰ গোচৰত দুধনৈ আৰক্ষীয়ে অখিলক পুনৰ গ্ৰেপ্তাৰ কৰে। ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰাই দুধনৈ আৰক্ষীয়ে অখিলক গ্ৰেপ্তাৰ কৰাত সৰ্বত্ৰে ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।