গুৱাহাটী, ২১ ডিচেম্বৰঃ  অৱশেষত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ গোচৰৰ পৰা মুক্ত হল কৃষক নেতা অখিল গগৈ। গুৱলাহাটী উচ্চ ন্যায়ালয়ে দীৰ্ঘ দিনৰ শুনানীৰ অন্তত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ গোচৰৰ পৰা মুক্ত কৰিলে অখিল গগৈক। বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰি অখিল গগৈক গোচৰমুক্ত কৰে। অখিল গগৈক যোৱা ১৩ ছেপ্তেম্বৰৰ পৰা জেলত বন্দী কৰি ৰাখিছিল ৰাজ্য চৰকাৰে৷ ছেপ্তেম্বৰ মাহৰে ২৫ তাৰিখৰ পৰা অখিলে যাতে কোনো কাৰণতে জামিন লাভ কৰিব নোৱাৰে তাৰ বাবে অখিলৰ ওপৰত পুনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দিছিল ৰাজ্য চৰকাৰখনে। অখিল গগৈৰ মুক্তিৰ দাবীত  ৰাজ্যৰ বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও ৰাজ্য চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিল। উল্লেখ্য যে মৰাণ আৰক্ষী থানাত ৰুজু হোৱা এটি গোচৰৰ ভিত্তিত ডিব্ৰুগড় জিলা আৰক্ষীয়ে গোলাঘাটৰ নিজা বাসগৃহৰ পৰা কৃষক নেতা অখিলক গগৈক গ্ৰেপ্তাৰ কৰিছিল। ১২ ছেপ্তেম্বৰত ডিব্ৰুগড় জিলাৰ মৰাণৰ বামুণবাৰীত অনুষ্ঠিত এখন সমাৱেশত অংশগ্ৰহণ কৰি অসমীয়া জাতিৰ ৰক্ষাৰ স্বাৰ্থত প্ৰয়োজন হ’লে হাতত হেংদাং আৰু মাৰণাস্ত্ৰ তুলি ল’বলৈ সকলোকে সাজু থাকিবলৈ আহ্বান জনাইছিল অখিলে গগৈয়ে আৰু এই মন্তব্যৰ পিছতে মৰাণ আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছিল।