গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জানুৱাৰী: অষ্ট্ৰেলিয়ান প্ৰশিক্ষক এন্ডিউ অকলেইৰ তত্বাৱধনত ডিফুত চলিছে কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ ক্লাৱৰ যুৱ দল গঠনৰ প্ৰক্ৰিয়া। ভাৰতীয় পেছাদাৰী লীগত অংশগ্ৰহণৰ লক্ষ্যৰে ১৩, ১৫ আৰু ১৮ বছৰৰ অনূৰ্ধ দলৰ নিৰ্বাচনী শিৱিৰ চলি আছে নৱ নিৰ্মিত ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেলপথাৰত। তিনিওটা বয়সৰ নিৰ্বাচনী শিৱিৰত জিলাখনৰ প্ৰায় ৬৫০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ২০১০ চনৰ অসম ক্লাৱ চেম্পিয়ন ডিফুৰ মৰ্ণিং ষ্টাৰ ক্লাৱৰ নৱ নিযুক্ত বিদেশী প্ৰশিক্ষক এন্ডিউয়েও পাহাৰীয়া জিলাখনৰ ফুটবল প্ৰতিভা দেখি উৎফুল্লিত হৈ পৰে। শিৱিৰটোৰ আন তিনিজন নিৰ্বাচক হল ক্ৰমে প্ৰাক্তন আন্ত:ৰাষ্ট্ৰীয় ফুটবলাৰ ছিং ৰংহাং, প্ৰাক্তন ফুটবলাৰ মংগল বে আৰু হৰেন ইংতি। পেছাদাৰী ক্লাৱ হিচাপে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত মৰ্ণিং ষ্টাৰ ক্লাৱটোৰ একাডেমীৰ অধ্যক্ষ দায়িত্ব লাভ কৰিছে দিগন্ত টেৰনে। পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ক্লাৱৰ এই আই লীগৰ মুল পৰ্বৰ বাবে সাংঘাতিক তৎপৰতা দেখি উৎফুল্লিত হৈছে ৰাজ্যৰ ফুটবল প্ৰেমী।