তামুলপুৰ, সংবাদ ৩৬৫, ২০ নৱেম্বৰ: মহানগৰীৰ উগ্ৰতাৰা মন্দিৰত সংঘটিত হোৱা চুৰি কাণ্ডৰ ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে সোমবাৰে নিশা পুনৰ এক চুৰি কাণ্ড সংঘটিত হয় তামুলপুৰত। এই চুৰিকাণ্ড সংঘটিত হয় তামুলপুৰ মহকুমাৰ অন্যতম পূৰণি শাখা সত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ মটঙাপাৰত। ঘটনাৰ বিবৰণি অনুসৰি মঙ্গলবাৰে পুৱা সত্ৰৰ মুখ্য দেওৰীজনে নাম প্ৰসঙ্গ কৰিবলৈ সত্ৰত সোমাওতে সত্ৰৰ উত্তৰ ফালৰ দুৱাৰখন খোলা দেখে আৰু পাছত দেউৰীজনে ওচৰলৈ আহি প্ৰত্যক্ষ কৰে যে নাম প্ৰসঙ্গৰ বাবে ৰখা দুযোৰ তাল আৰু টকা পইচা থকা শৰাই খন নাই। লগতে গীতা ভাগৱত, নাম ঘোষা চেদেলি ভেদেলি কৰি গুৰু আসনৰ কাপোৰ লণ্ড ভণ্ড কৰাৰ লগতে বাৰ হাজাৰ টকাৰ ক্ষতি সাধান কৰে দুষ্কৃতিকাৰীয়ে । এই কথা গম পাই সত্ৰৰ তৰফৰ পৰা তামুলপুৰ আৰক্ষী থানাত জনোৱাত তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাৰ নেতৃত্বত এটি আৰক্ষী দল গৈ উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।