পলাশবাৰী

৫ জুলাই

এতিয়াও বহু সময় আছে যদিও কৰ’ণা ভাইৰাছৰ ত্ৰাসৰ মাজতে বলিবলৈ ধৰিছে নিৰ্বাচনী গৰম বতাহ। কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফ সকলো ৰাজনৈতিক দল ভিতৰি ভিতৰি ব্যস্ত নিৰ্বাচনী ৰণ কৌশল তৈয়াৰ কৰাত। কোনো এটা দলে বৰ্তমানলৈকে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা নাই যদিও আগন্ত ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ ৫০ নং পলাশবাৰী বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিজৰ নাম ঘোষণা কৰিলে এগৰাকী নিৰ্দলীয় প্ৰথিয়ে।

সমগ্ৰ বিশ্বৰ লগতে অসমতো অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস। কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ সমান্তৰালভাৱে চমু চাপিছে আগন্তুক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচন দিন। ২০২১ চনত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ভিতৰি ভিতৰি টঙালি বান্ধিছে ৰাজনৈতিক দল সমূহৰ লগতে নেতা সকল। সমষ্টিয়ে সমষ্টিয়ে ইতিমধ্যে বিধনসভা নিৰ্বাচনৰ বাবে সাজু হৈছে নেতা সকল। কোনোবাই যদি আশাত আছে প্ৰাৰ্থীত্ব লাভৰ, কোনোনাই আকৌ প্ৰাৰ্থীত্ব নাপালে নিৰ্দলীয় হৈয়ে প্ৰতিদ্বন্দিতা কৰাৰ বাবে সাজু।

ইয়াৰ মাজতে পলাশবাৰী সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ন হ’বলৈ ওলাইছে এজন উদ্যামী যুৱক। যুৱকজন হৈছে পলাশবাৰী বিধানসভা সমষ্টিৰে মুকুট কলিতা। ইতিমধ্যে বিভিন্ন সামাজিক কাম-কাজৰ জৰিয়তে অঞ্চলটোত জনপ্ৰিয় হৈ পৰিছে যুৱকজন। চল-চাতুৰি তথা সুতা-কম্বল-ছাতি বিতৰনৰ ৰাজনীতি নকৰাকৈয়ে ভোটাৰ ৰাইজৰ কাষ চাপিব বিছাৰিছে এইজন যুৱক। বৰ্তমানৰ বিজেপি বিধায়ক প্ৰনৱ কলিতা আৰু প্ৰাক্তন মন্ত্ৰী যতিন মালী এতিয়া সমষ্টিবাসীৰ বাবে অপ্ৰাসংগিক হৈ পৰিছে যাৰ বাবে এতিয়া সমষ্টিবাসীয়ে নতুন মুখৰ সন্ধানত থকা বুলি মন্তব্য কৰে যুৱকজনে।

পলাশবাৰী বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিজৰ নাম ঘোষণা কৰি মুকুট কলিতা নামৰ যুৱকজনে লগতে কয় যে পলাশবাৰী সমষ্টিৰ ভোটাৰসকল শিক্ষিত, নম্ৰ আৰু ভদ্ৰ সেয়েহে এই সমষ্টিত কোনোধৰনৰ বহিৰাগত লোকক প্ৰশ্ৰয় নিদিয়ে ভোটাৰসকল। পলাশবাৰী সমষ্টিত দুটাকৈ ৰাষ্ট্ৰীয় দলৰ প্ৰতিদ্বন্দি থকাৰ পিছতো মুকুট কলিতাই কিদৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত জয়লাভ কৰে সেয়া সময়তহে বুজিব পৰা যাব।