আনিছুৰ আলী

গৌৰীপুৰ

৫ জুলাই

 

ধুবুৰী জিলাৰ গৌৰীপুৰৰ এটা বিশেষ পথ। ভাৰত স্বধীন হোৱাৰে পৰা পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে গ্ৰহণ কৰা নাছিল কোনো পদক্ষেপ। বিজেপি চৰকাৰ শাসনলৈ আহি ২০১৯-২০ বৰ্ষত পথটো নিৰ্মাণৰ বাবে ধন আবন্টন কৰাত পথ নিৰ্মাণ হ’ল, কিন্ত এতিয়া আকৌ পথটোলৈ নামি আহিছে সংকট।

নামনি অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত অলমগঞ্জ গাঁও পঞ্চায়তৰ চিতলকাটি গাঁৱৰ এটা পথ, ভাৰত স্বাধীন হোৱাৰ পিছতে প্ৰথমবাৰৰ বাবে পথটো নিৰ্মাণ কৰা হ’ল। বিজেপি চৰকাৰে ২০১৯-২০ বৰ্ষত পথটো নিৰ্মাণৰ বাবে আবন্টন কৰা ৭৮ লাখ টকাৰে ৮০০ মিটাৰ দৈৰ্ঘৰ পথটোৰ নিৰ্মাণ কাম সম্পূৰ্ণ হ’ল যদিও বৰ্তমান পুনৰ এই পথটোলৈ নামি আহিছে সংকট। ইতিমধ্যে ৮০০ মিটাৰ দৈৰ্ঘৰ পথটোৰ ৩০০ মিটাৰ নিঃশেষ হৈছে। ফলত যাতায়তৰ ক্ষেত্ৰৰ স্বাধীনতাৰ পিছৰে পৰা যন্ত্ৰণা ভুগি অহা চিতলকাটি গাঁৱৰ ৰাইজ পুনৰ ভুগিব লাগিব যন্ত্ৰণা। চিতলকাটি গাঁৱৰ ছলেমান আলীৰ বাসগৃহৰ সন্মুখৰ পথটো চৰকাৰে আবন্টন দিয়া ৭৮ লাখ টকাৰে বঙাইগাঁৱৰ এজন ঠিকাদৰে কিছুদিন পূৰ্বে নিৰ্মাণ কাৰ্য শেষ কৰিছিল। স্বাধীনতাৰ পিছত পথটো লাভ কৰি অঞ্চলবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছিল যদিও অঞ্চলবাসীৰ এই আনন্দ অধিক সময় নাথাকিল।

নিৰ্মাণ কাৰ্য সম্পন্ন হোৱাৰ কিছুদিন পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাত অহা ভয়াবহ বানপানীয়ে উটুৱাই নিলে নবনিৰ্মিত পথটোৰ ৩০০ মিটাৰ পথ। বানপানীয়ে পথটোৰ ৩০০ মিটাৰ পথ উটুৱাই লৈ যোৱাত ৰাইজ আকৌ যাতায়াতৰ ক্ষেত্ৰত ভুগিব লগা হৈছে চৰম নৰক যন্ত্ৰণা৷ অঞ্চলবাসী ৰাইজে পুনৰ চৰকাৰক আহ্বান জনাইছে পথটো নিৰ্মাণ কৰাৰ বাবে।